
মৰিগাঁও, ৩১ ডিচেম্বৰ (হি.স.)। বিলাসী বাহনত গৰু চুৰি কৰিবলৈ আহি জাগীৰোড আৰক্ষীৰ জালত গৰুচোৰ মিৰাজুল আলী ৷ গৰুচোৰক বচাবলৈ অহা এগৰাকী ৰহস্যময়ী কিশোৰীও আলহী হ’ল থানাৰ ৷ ঘটনা অনুসৰি জাগীৰোডৰ পালিগুৰি গাঁৱৰ কুদ্দুচ আলী নামৰ এজন লোকৰ দুজনী গাইগৰু চুৰি কৰিবলৈ এ এছ-০৩ টি-২২২৭ নম্বৰৰ এখন বিলাসী বাহন লৈ আহিছিল জাগীৰোডৰ নখোলা গ্ৰান্ট গাঁৱৰ কুখ্যাত গৰুচোৰ মিৰাজুল আলী ৷ কিন্তু গৃহস্থই সাৰ পোৱাৰ পিছতে গাড়ী এৰি পলায়ন কৰে চোৰটো ৷ পৰৱৰ্তী সময়ত কিছু নাতিদূৰৈত গৰু দুটা উদ্ধাৰ হয় ৰাইজে বান্ধি থয় গৰুচোৰ মিৰাজুল আলীক ৷ ঘটনা সন্দৰ্ভত জাগীৰোড আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আটক কৰে গৰুচোৰ মিৰাজুলক ৷ আনহাতে গৰুচুৰিত ব্যৱহৃত বাহনখন জব্দ কৰাৰ লগতে সোধপোছ অব্যাহত ৰাখিছে ৰহস্যময়ী কিশোৰী গৰাকীক ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু