নগাঁৱৰ পুৰণিগুদামৰ গড়মূৰত ভয়ংকৰ পথ দুৰ্ঘটনা
নগাঁও, ৩১ ডিচেম্বৰ (হি.স.)। নগাঁৱৰ পুৰণিগুদামৰ গড়মূৰত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা অনুসৰি এখন এ এছ ১২ এ এইছ ৯২২৭ নম্বৰৰ মাৰতি ই
নগাঁৱৰ পুৰণিগুদামৰ গড়মূৰত ভয়ংকৰ পথ দুৰ্ঘটনা


নগাঁও, ৩১ ডিচেম্বৰ (হি.স.)। নগাঁৱৰ পুৰণিগুদামৰ গড়মূৰত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা অনুসৰি এখন এ এছ ১২ এ এইছ ৯২২৭ নম্বৰৰ মাৰতি ইকঅ আৰু এখন এ এছ ০১ এ জেদ ০২২৫ নম্বৰৰ চেণ্ট্ৰো বাহনৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত এই দুৰ্ঘটনাতো সংঘটিত হয়। দুৰ্ঘটনাত দুজন লোক গুৰুতৰ ভাৱে আহত হয়। দুয়োকে সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। দুদুৰ্ঘটনাত শিশু সহ ১১ জন লোক আহত হয়।

বছৰৰ অন্তিমটো দিনতে হোৱা দুৰ্ঘটনাটোত চেণ্ট্ৰো খন নগাঁও চহৰৰ পৰা চামগুৰি অভিমুখে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহা ইকঅ খনৰ লগত মুখামুখি সংঘৰ্ষ হয়।

দৰ্ঘটনাটোত উজনি নামনিৰ যাতায়তো ব্যাহত হৈ পৰে। ১০৪ ত ফোন কৰাৰ পাছতো আৰক্ষীৰ

সঠিক সময়ত হাজিৰ নোহোৱাৰ অভিযোগ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande