
কামৰূপ, ৩১ ডিচেম্বৰ (হি.স.)। ড্ৰাগছৰ বিৰুদ্ধে নিশা দদৰা আৰক্ষীৰ সফল অভিযান l আৰক্ষীয়ে জব্দ কৰে প্ৰায় দুই লক্ষাধিক মুল্যৰ হেৰোইন l
জব্দ কৃত ড্ৰাগছ খিনিৰ ওজন প্ৰায় ১৪ গ্ৰাম। গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে কৌশলেৰে আটক কৰে ঘটনাৰ সৈতে জড়িত ড্ৰাগছ ব্যৱসায়ীক l
মহানগৰীৰ গাড়ীগাঁৱৰ যুৱক চুলতান আহমেদ ( ৩২) ক গ্ৰেপ্তাৰ কৰে দদৰা আৰক্ষীয়ে। এ এছ ০১ ই ডব্লিউ ২৯১৩ নম্বৰৰ বাইকেৰে ড্ৰাগছ বিক্ৰী কৰিবলৈ আহিছিল চুলতানে।
এই খবৰ পাই আবেলিৰ পৰাই সষ্টম হৈ আছিল দদৰা আৰক্ষী l অৱশেষত আটক কৰে ড্ৰাগছ ব্যৱসায়ী চুলতান আহমেদক আৰু গ্ৰাহক দিলৱাৰ আলী (৩৪) ক l
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু