
বাক্সা, ৩০ ডিচেম্বৰ (হি.স.)। বাক্সাৰ শালবাৰীৰ গাতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মানাহ বিধানসভা সমষ্টিৰ ৩০ হাজাৰ ৭ শ ৩৭ গৰাকী মহিলাক ১০ হাজাৰ টকাৰ চেক প্ৰদান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
ভাষণ প্ৰসংগত আঁচনি সন্দৰ্ভত কেবাটাও মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। সাংবাদিকৰে হোৱা সাক্ষাৎকাৰতো কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ। নতুন বছৰত ৰাইজে আমাক পুনৰ চৰকাৰ গঠন কৰিবলৈ আশীৰ্বাদ কৰক। ২০২৫ আমাৰ কাৰণে বেদনা দায়ক। কাৰণ আমি জুবিন গাৰ্গক হেৰুৱাইছো। বৃন্দাবনী বস্ত্ৰ অসমলৈ ঘুৰাই আনিবলৈ ঐতিহাসিক চুক্তি কৰিবলৈ পাৰিলো।
জুবিন গাৰ্গৰ ন্যায় এতিয়া আদালতৰ বিষয়। আদালতৰ বিষয়ত মুখ্যমন্ত্ৰীয়ে কথা কোৱা উচিত নহয়। আমি অভিযোগ নামা দাখিল কৰি ন্যায়ালয়ত প্ৰদান কৰিছো। শংকৰ মাধৱ একেলেগে আছিল। আজানপীৰ দুশ বছৰ পাছত আহিছিল। শংকৰ আজানৰ কোনো দেখা দেখিয়েই হোৱা নাই। এইটো ঐতিহাসিক সত্য। শংকৰ মাধৱ নিজৰ জাগাত থাকিব। আজান পীৰ নিজৰ জাগাত থাকিব।
যাদৱ পায়েঙৰ অৰণ্য জ্বলোৱা সন্দৰ্ভত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তেওঁৰ পৰিয়ালৰ লগত কথা পাতিছে। এইটো আমি থিক কৰি দিম কোনো অসুবিধা নাই। মই বিৰোধীৰ কথা বেছিকৈ কৈ নাথাকো। তেওঁলোকে লিলিত বহিব, ইটোত বহিব, সিটোত বহিব এইবোৰ কৰিয়েই থাকে। যিদিনাখন মিত্ৰতা হব সিদিনাখন প্ৰতিক্ৰিয়া দিম। জানুৱাৰীৰ এক তাৰিখে অৰুণোদৰ পৰিয়াল সমূহক আমি এটা উপহাৰ দিম। সেইটো এক তাৰিখে কম।
কাৰ্বিআলঙৰ পৰিৱেশ এতিয়া শান্ত হৈছে। মই সকলোৰে লগত কথা পাতিছো। নিৰ্বাচনৰ বাবে ফেব্ৰুৱাৰী মাহৰ প্ৰথম, দ্বিতীয় সপ্তাহৰ ভিতৰত আমি প্ৰাৰ্থী ঘোষণা কৰিম। অসমত ইনাৰলাইন পাৰ্মিটৰ প্ৰয়োজন আছে বুলি মই নাভাবো। কাজি নেমুৰ ভাৰতত এখন ডাঙৰ বজাৰ নিৰ্মাণ হৈছে। গাতিত কোম্পানী খোলাৰ কথা মোৰ মনত আছে। কেতিয়াবা ভাল খবৰ পাব নেমু খেতিয়ক সকলে। বিটিচিত বিজেপিৰ পাঁচ, ছয়টা সমষ্টিত নিৰ্বাচন খেলিব পৰা পৰিৱেশ আছে।
ইফালে হাগ্ৰামা মহিলাৰীয়েও সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেবাটাও মন্তব্য কৰে। বিটিচিত আমি বিপিএফ হিচাপে নেখেলো , এনডিএ হিচাপে নিৰ্বাচন খেলিম। বিটিচি অঞ্চলত ইউপিপিএলৰ লগত আমাৰ কোনো মিত্ৰতা নাই। মানাহৰ বেঁকী নৈত চলি থকা অবৈধ খনন বন্ধ কৰিব লাগে। এই সন্দৰ্ভত মই চাম। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্ম, জয়ন্ত মল্ল বৰুৱা,বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিধায়ক ফণীধৰ তালুকদাৰ আদিয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা