
গোলাঘাট, ৩০ ডিচেম্বৰ (হি.স.)। নুমলীগড়ৰ মুৰফুলনীত অনুষ্ঠিত গছ আৰু ফুল উৎসৱত কৃষি মন্ত্ৰী অতুল বৰা।
যাদৱ পায়েংৰ মলাই কাঠনি দুস্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া কৃষি মন্ত্ৰী অতুল বৰা।
দুস্কৃতিকাৰীৰ এনে কাৰ্যক তিব্ৰ নিন্দা কৰে। লগতে দুস্কৃতিকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি চৰকাৰে প্ৰদান কৰিব বুলিও ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে। লগতে কৃষি মন্ত্ৰী গৰাকীয়ে মৃনাল শইকীয়াৰ গ্ৰাম্য পৰ্যটন গঢ়াৰ ক্ষেত্ৰত লোৱা প্ৰদক্ষেপক শলাগ লৈছে। ফুল আৰু গছ উৎসৱ স্থলীৰ বিপনী সমূহ পৰিদৰ্শন কৰে লগতে মতবিনিময় কৰে ব্যৱসায়ী সকলৰ লগত। কৃষি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে অসমত উত্পাদিত ফুল আৰু গছে চাহিদা পুৰণ কৰিব পৰা নাই বৰ্তমান প্ৰযন্ত। যাৰ বাবে খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াৰ দৰে প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা