কলগাছিয়াত ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে আটক কৰি বান্ধি ৰাখিলে বিদ্যুৎৰ খুটাত
বৰপেটা, ৩০ ডিচেম্বৰ (হি.স.)। বৰপেটা জিলাৰ কলগাছিয়াত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা এজন সৰবৰাহকাৰীক খেদি খেদি আটক কৰি উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়া ঘটনাই অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বলাইপাথাৰ গাঁওৰ দিল পিয়াৰ ওৰফে বোলা নামৰ ড্ৰাগছ ব্যৱ
কলগাছিয়াত ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে আটক কৰি বান্ধি ৰাখিলে বিদ্যুৎৰ খুটাত


বৰপেটা, ৩০ ডিচেম্বৰ (হি.স.)। বৰপেটা জিলাৰ কলগাছিয়াত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা এজন সৰবৰাহকাৰীক খেদি খেদি আটক কৰি উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়া ঘটনাই অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বলাইপাথাৰ গাঁওৰ দিল পিয়াৰ ওৰফে বোলা নামৰ ড্ৰাগছ ব্যৱসায়ী জনে ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি আটক হয় ৰাইজৰ হাতত।

পৰৱৰ্তী সময়ত ৰাইজে বোলাক খেদি খেদি আটক কৰি বিদ্যুৎৰ খুটিত বান্দি ৰাখে। ব্যৱসায়ী জনৰ পৰা উদ্ধাৰ ছয়টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ হোৱাৰ লগতে এএছ ১৫এভি ২৯৯১ নম্বৰৰ স্কুটি জব্দ কৰে ৰাইজে। ৰাইজে দিল পিয়াৰ ওৰফে বোলাক উত্তম মাধ্যম সোধাই গতাই দিয়ে আৰক্ষীক। ইফালে, বোলাই বিজনীৰ পৰা ড্ৰাগছ সমূহ কিনি আনি কলগাছিয়াত বিক্ৰী কৰি আছে বুলি কেমেৰাৰ আগত স্বীকাৰোক্তি দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande