কৃষি কৰ্মৰে সফল জীৱন যাত্ৰা ছিপাঝাৰৰ যুৱকৰ
দৰং, ০৩ ডিচেম্বৰ (হি.স.)। পশুপালন তথা কৃষি কৰ্মৰে জীৱনত সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে দৰং জিলাৰ ছিপাঝাৰৰ এজন যুৱক। খেতি বাতিৰ লগতে পশু পালন তথা মীন পালন কৰি জীৱনত সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে ছিপাঝাৰৰ ৰামদেলি পাৰাৰ ৰাতুল ভৰালী নামৰ যুৱকজনে। উল্লেখ্য়
কৃষি কৰ্মৰে সফল জীৱন যাত্ৰা ছিপাঝাৰৰ যুৱকৰ


দৰং, ০৩ ডিচেম্বৰ (হি.স.)। পশুপালন তথা কৃষি কৰ্মৰে জীৱনত সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে দৰং জিলাৰ ছিপাঝাৰৰ এজন যুৱক। খেতি বাতিৰ লগতে পশু পালন তথা মীন পালন কৰি জীৱনত সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে ছিপাঝাৰৰ ৰামদেলি পাৰাৰ ৰাতুল ভৰালী নামৰ যুৱকজনে।

উল্লেখ্য় যে হাতত মাত্ৰ ৬০০ টকা লৈ ব্যৱসায় আৰম্ভ কৰিছিল ৰাতুল ভৰালী নামৰ যুৱক জনে। ছিপাঝাৰৰ ৰামদেলি পাৰাৰ ৰাতুল ভৰালী নামৰ এই যুৱকজনে এতিয়া দেখুৱাবলৈ সক্ষম হৈছে স্বাৱলম্বীতাৰ অনন্য নিদৰ্শন। ব্রয়লাৰ কটা ব্যৱসায়ৰে নিজৰ জীৱন সংগ্ৰাম আৰম্ভ কৰা যুৱকজনৰ গোহালিত এতিয়া ছটা প্ৰজাতিৰ আশীটাতকৈ অধিক গো-ধন আছে। একেদৰে ১২০ বিঘা মাটিত শালি খেতিৰ উপৰিও মাকৈ, মৎস্য পালন আদিৰ কৃষি কৰ্মৰেও বুজন পৰিমাণৰ ধন উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande