
তামুলপুৰ, ০৩ ডিচেম্বৰ (হি.স.)। তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাতে। নিশা ভূটান সীমান্তৰ চেঁচাপানী আৰু শান্তিপুৰত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই কেইবাটাও পৰিয়ালৰ বাসগৃহ, ঘৰৰ আচবাব ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে সাঁচতীয়া ধান চাউল খাই তহিলং কৰে ৷ ইপিনে হাতীৰ উপদ্ৰৱত কেইবাটাও পৰিয়াল গৃহহীন হৈ পৰে ৷
বিগত এমাহ ধৰি ভূটান সীমান্তত দিনৰ পোহৰতে বনৰীয়া হাতীৰ বৃহৎ জাক জনাঞ্চলত প্ৰবেশ কৰি ধাৰাবাহিক ভাবে তাণ্ডৱ চলোৱাত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে সীমান্তৰ ৰাইজে ৷ হাতীয়ে খাই তহিলং কৰিছে বিঘাই বিঘাই পকাধান, তামোলবাৰীৰ লগতে পাচলিৰ খেতি ৷
উল্লেখ্য যে বিগত এসপ্তাত বনৰীযা হাতীৰ আক্ৰমনত ভূটান সীমান্তত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন গুৰুতৰ ভাৱে আহত হৈছে। আনহাতে ভূটান সীমান্তৰ পাগলাদিয়া নদীৰ পাৰত উদ্ধাৰ হয় এটি সদ্যজাত হাতীৰ পোৱালী।
বন বিভাগৰ লোকক বনৰীয়া হাতীৰ জাক পাহাৰলৈ খেদি পঠিয়াবলৈ তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সীমান্তঞ্চলৰ ৰাইজে ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা