
তামুলপুৰ, ০৩ ডিচেম্বৰ (হি.স.)। তামুলপুৰত সংঘটিত এক পথ দুর্ঘটনাত এজন যুৱক নিহত। তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ অধীনৰ চিকনিবাৰীত সংঘটিত হোৱা উক্ত ভয়াৱহ পথ দুর্ঘটনাত এজন যুৱক নিহত হয়। জানিব পৰা অনুসৰি তামুলপুৰ জিলাৰ চিকিনাবাৰী গাঁওৰ নিৰঞ্জন সিলৰ পুত্র দিলীপ সিল (২৩)য়ে এএছ-২৫-এএ-৮৫২৭ নম্বৰৰ স্কুটিৰে ৰঙিয়াৰ পৰা নিশা কাম কৰি নিজৰ গৃহ অভিমুখে আহি থকা অৱস্থাতে চিকনীবাৰীত অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় যুৱক জনক।
লগে লগে স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে দিলীপ সিলক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
পথ দুৰ্ঘটনাৰ খৱৰ লাভ কৰাৰ লগে লগে গান্ধীবাৰী আৰক্ষী চকীৰ আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হয় আৰু পথ দুৰ্ঘটনাটোৰ ফলত নিহত যুৱক জনৰ খতিগ্ৰস্থ স্কুটিখন আৰক্ষী চকী লৈ আনাৰ লগতে মৃত যুৱক গৰাকীৰ মৃতদেহ তামুলপুৰ আৰক্ষী থানা লৈ আনে।
ৰঙিয়াৰ এখন কাপোৰ দোকানত কাম কৰি পৰিয়াল পোহপাল দিয়া দিলীপ সিলৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা