
শিৱসাগৰ, ০৩ ডিচেম্বৰ (হি.স.)। আজি বিশ্ব প্ৰতিবন্ধী দিৱস। শিৱসাগৰ জিলাৰ ন পুখুৰীপাৰত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন। শিৱসাগৰ জিলা দিব্যাংগ সমিতি আৰু অসম দিব্যাংগ সমিতি শিৱসাগৰ জিলাৰ অভিভাৱক সমিতিৰ সৌজন্যত জিলা খনৰ শাৰীৰিকভাৱে অক্ষম ব্যক্তিৰ প্ৰশিক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ নপুখুৰীৰ পাৰত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰা হয়।
শিৱসাগৰৰ বিশিষ্ট শিক্ষাবিদ মণিকা শইকীয়াই সভাপতিত্ব কৰা মুকলি সভাখনত শিৱসাগৰ জিলাৰ বিশিষ্ট সমাজকৰ্মী মানস সন্দিকৈ, বিশিষ্ট সমাজকৰ্মী মনোৰঞ্জন বৰগোঁহাই বিধায়ক অখিল গগৈৰ প্ৰতিনিধি হিচাপে অম্লানজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰে। ন পুখুৰীপাৰস্থিত অনুষ্ঠিত বিশ্ব দিব্যাংগ দিৱসত জিলা খনৰ প্ৰায় শতাধিক দিব্যাংগ পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। শিৱসাগৰৰ বিশিষ্ট ব্যৱসায়ী তথা বিশিষ্ট সমাজকৰ্মী হৰিপ্ৰসন্ন হাজৰিকাই অনুষ্ঠানটোত নাহৰৰ পুলি ৰোপন কৰাৰ লগতে সভাত উপস্থিত দিব্যাংগ সকলৰ মাজত কম্বল বিতৰণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ