লামডিঙত বিশ্ব প্ৰতিবন্ধী দিৱস পালন
হোজাই, ০৩ ডিচেম্বৰ (হি.স.)। লামডিঙত বিশ্ব প্ৰতিবন্ধী দিৱস পালন। হোজাই জিলাৰ অন্তৰ্গত ৰেল চহৰ লামডিঙত পালন কৰা হই বিশ্ব প্ৰতিবন্ধী দিৱস। লামডিঙ চহৰৰ মাজমজিয়াত থকা নেচনেল স্কুল খেল পথাৰত দিব্যাংগ ডেভেলপমেণ্ট ছোছাইটী সংগঠনৰ উদ্যোগত কম্বল বিতৰণ কৰা হয়
লামডিঙত বিশ্ব প্ৰতিবন্ধী দিৱস পালন


হোজাই, ০৩ ডিচেম্বৰ (হি.স.)। লামডিঙত বিশ্ব প্ৰতিবন্ধী দিৱস পালন। হোজাই জিলাৰ অন্তৰ্গত ৰেল চহৰ লামডিঙত পালন কৰা হই বিশ্ব প্ৰতিবন্ধী দিৱস। লামডিঙ চহৰৰ মাজমজিয়াত থকা নেচনেল স্কুল খেল পথাৰত দিব্যাংগ ডেভেলপমেণ্ট ছোছাইটী সংগঠনৰ উদ্যোগত কম্বল বিতৰণ কৰা হয়। প্ৰায় ৫০ জন প্ৰতিবন্ধী মানুহক কম্বল বিতৰণ কৰা হয়।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ কিষাণ মৰ্চাৰ প্ৰাক্তন উপ সভাপতি ৰাজীৱ ঘোষ প্ৰমুখ্যে ৰাজ্যিক বিজেপিৰ কাউন্সিলৰ সদস্য ডিজুমনি সিংহৰ লগতে সংগঠনটোৰ সভাপতি বুলন দে সহ সদস্য সকল আৰু প্ৰায় শতাধিক প্ৰতিবন্ধী লোক উপস্থিত থাকে।অনুষ্ঠান উপলক্ষে ৰাজ্যিক বিজেপিৰ কিষাণ মৰ্চাৰ প্ৰাক্তন উপ সভাপতি ৰাজীৱ ঘোষে কয় যে, যি সকল প্ৰতিবন্ধী চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকক সকলো সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande