
মাজুলী, ০৩ ডিচেম্বৰ (হি.স.)। আজি বিশ্ব প্ৰতিবন্ধী দিৱস। মাজুলীতো দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় বিশ্ব প্ৰতিবন্ধী দিৱস । মধ্য মাজুলী মিলন সংঘ, ফুলনিত আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় বিশ্ব প্ৰতিবন্ধী দিৱস। দিব্যাংগ লোক সকলৰ অধিকাৰৰ প্ৰচাৰ আৰু কল্যাণৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে পালন কৰা হয় দিৱসটো ।
দিব্যাংগ সকলে সমাজত মুৰ দাঙি থিয় হব পৰাকৈ আৰু সমাজত যাতে লাঞ্ছিত-বঞ্চিত হব নালাগে তাৰ বিষয়ে বিশদ আলোচনা কৰা হয় এই কাৰ্য্যসূচীত । মাজুলী জিলা আইন প্ৰাধিকৰণ আৰু সমাজ কল্যান বিভাগৰ বিষয়া সকলে চৰকাৰী আঁচনি সমূহ দিব্যাংগ সকলে লাভ কৰাত প্ৰতি ক্ষেত্ৰত সহযোগ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ