বৰপেটাত উদযাপন বিশ্ব প্ৰতিবন্ধী দিৱস
বৰপেটা, ০৩ ডিচেম্বৰ (হি.স.)। আজি বিশ্ব প্ৰতিবন্ধী দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাতো উদযাপন প্ৰতিবন্ধী দিৱস। বৰপেটা জিলা বিকলাংগ সন্থাৰ উদ্যোগত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত জিলা সমাজ কল্যাণ বিভাগ আৰু বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ
বৰপেটাত উদযাপন বিশ্ব প্ৰতিবন্ধী দিৱস


বৰপেটা, ০৩ ডিচেম্বৰ (হি.স.)। আজি বিশ্ব প্ৰতিবন্ধী দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাতো উদযাপন প্ৰতিবন্ধী দিৱস। বৰপেটা জিলা বিকলাংগ সন্থাৰ উদ্যোগত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত জিলা সমাজ কল্যাণ বিভাগ আৰু বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ সহযোগত বৰপেটাত উক্ত দিৱস পালন কৰা হয়।

সেই উপলক্ষে সমাজকৰ্মী পুলেন্দ্ৰ দাসৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়। সভাত জিলা খনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, গণ্য মান্য ব্যক্তিৰ লগতে কেইবা শতাধিক দিব্যাংগ লোক উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।দীনদয়াল দিব্যাংগ আচঁনিৰ জৰিয়তে দিব্যাংগ সকলক পাচ হাজাৰ টকাকৈ দিয়াৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande