
কাৰ্বি আংলং, ০৩ ডিচেম্বৰ (হি.স.)। বিশ্বৰ ১৫ শতাংশ লোক কম বেশী পৰিমানে প্ৰতিবন্ধীলোক। সেই হিচাপত ভাৰতবৰ্ষত এক কোটিৰো অধিক প্ৰতিবন্ধী লোক আছে। এনে এক বৃহৎ সমাজক বাদ দি স্বাভাৱিক সমাজৰ কল্পনা কৰা অসম্ভৱ। প্ৰতিবন্ধী সকলৰ সৈতে সমাজত আগবাঢ়ি যোৱাটো হৈছে কৰুণাধাৰাৰ মূল উদ্দেশ্য।
কৰুণাধাৰাৰ সৌজন্যত আৰু ডিফু সহায়ক সমিতিৰ সহযোগত ডিফু ক্লাৱত আজি দিনজোৰা কাৰ্যসূচীৰে এই বিশেষ দিনটো পালন কৰা হয়। উক্ত কাৰ্যসূচীৰ আৰম্ভনিতে কৰুণাধাৰাৰ প্ৰতিষ্ঠাপক প্ৰয়াত হোমেন বৰগোহাঞি আৰু প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত নিশিনাথ চাংকাকতিলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে এটা শোভাযাত্ৰা বাহিৰ কৰা হয়। উক্ত কাৰ্যসূচীত জিলা খনৰ বিভিন্ন স্থানৰ পৰা অহা বিশেষ ভাবে অক্ষম ব্যক্তিসকলৰ মাজত বিভিন্ন অত্যাৱশকীয় সামগ্ৰী বিতৰণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ