বিটিচিত সমাপ্ত শীতকালীন অধিবেশন, বিভিন্ন বিভাগত অতিৰিক্ত পুঁজিৰ অনুমোদন
কোকৰাঝাৰ, ০৩ ডিচেম্বৰ (হি.স.)। দুদিনীয়া কাৰ্যক্ৰমণিকাৰে যোৱা ১ ডিচেম্বৰ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা বিটিচি প্ৰদেশীয় বিধান পৰিষদৰ শীতকালীন অধিবেশনৰ আজি সমাপ্ত হয়৷ বিটিচি প্ৰদেশীয় বিধান পৰিষদত অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত পৰিচালিত হোৱা শীতকালীন অধ
বিটিচিত সমাপ্ত শীতকালীন অধিবেশন, বিভিন্ন বিভাগত অতিৰিক্ত পুঁজিৰ অনুমোদন


কোকৰাঝাৰ, ০৩ ডিচেম্বৰ (হি.স.)। দুদিনীয়া কাৰ্যক্ৰমণিকাৰে যোৱা ১ ডিচেম্বৰ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা বিটিচি প্ৰদেশীয় বিধান পৰিষদৰ শীতকালীন অধিবেশনৰ আজি সমাপ্ত হয়৷ বিটিচি প্ৰদেশীয় বিধান পৰিষদত অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত পৰিচালিত হোৱা শীতকালীন অধিবেশনত কেইবা গৰাকী পাৰিষদে উত্থাপন কৰা প্ৰশ্নোত্তৰ শিতান সমাপন হোৱাৰ পিছতে ৩১ মাৰ্চলৈকে সমাপন হ’বলগীয়া চলিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে বিভিন্ন বিভাগত ধাৰ্য্য কৰা অতিৰিক্ত পুঁজিৰ আৱন্টন সদনত গৃহীত কৰা হয়৷

আজি পৰিষদৰ শীতকালীন অধিবেশন সমাপন হোৱাৰ পিছতে শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে সাংবাদিক সন্মিলনত অংশ গ্ৰহণ কৰে৷ শিক্ষা বিভাগটো অতি জটিল বুলি আখ্যায়িত কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে নিম্ন প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈকে খালি থকা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি থকাৰ কথা সদৰি কৰে৷ বিটিচিৰ শিক্ষা ব্যৱস্থাক অধিক গতিশীল কৰি তুলিবলৈ কাৰ্যবাহী সদস্য গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুপাতে শিক্ষক নিযুক্তি আৰু কেতবোৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে সংখ্যাধিক্য শিক্ষক সকলক কম শিক্ষক থকা বিদ্যালয়ত স্থানান্তৰৰ জৰিয়তে কিছু সমস্যা সমাধানৰ পোষকতা কৰে৷

আনহাতে সদ্য সমাপ্ত অসম বিধানসভাৰ শীতকালীন অধিবেশনত ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ সন্দৰ্ভত হোৱা আলোচনা মৰ্মে বিটিচিত ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিটিচিৰ ওপৰত কৰ্তৃত্ব প্ৰদান কৰা বুলিও উল্লেখ কৰে৷ সেই মৰ্মে বিটিচি মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, মুখ্য সচিব, বিভাগীয় সচিবৰ সৈতে আলোচনা কৰি সঠিন সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে৷ তাৰোপৰি বিভিন্ন শিক্ষক গোট, দল-সংগঠনৰ সৈতে পুংখানুপুংখকৈ আলোচনাৰ কৰাৰ প্ৰয়োজন আছে বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande