পূৱ যোৰহাটৰ চেনিজানত বন্য হস্তিৰ তা‌ণ্ডৱ
যোৰহাট, ০৩ ডিচেম্বৰ (হি.স.)। পূৱ যোৰহাটৰ চেনিজানত বন্য হস্তিৰ তা‌ণ্ডৱ চলিব ধৰিছে l ঘৰ দুৱাৰ ক্ষতি সাধন কৰা লগতে ধাননি পথাৰত ধান খাই তহলিং কৰিছে বন্য হস্তীৰ জাকেl আজি কিছু দিন ধৰি গিৱন অভৰণ্যৰ পৰা ওলাই অহা এটা হাতী জাকে পূৱ যোৰহাটৰ চেনিজানত ভকত
পূৱ যোৰহাটৰ চেনিজানত বন্য হস্তিৰ তা‌ণ্ডৱ l ঘৰ দুৱাৰ ক্ষতি সাধন কৰা লগতে ধাননি পথাৰত ধান খাই তহলিং l


যোৰহাট, ০৩ ডিচেম্বৰ (হি.স.)। পূৱ যোৰহাটৰ চেনিজানত বন্য হস্তিৰ তা‌ণ্ডৱ চলিব ধৰিছে l ঘৰ দুৱাৰ ক্ষতি সাধন কৰা লগতে ধাননি পথাৰত ধান খাই তহলিং কৰিছে বন্য হস্তীৰ জাকেl

আজি কিছু দিন ধৰি গিৱন অভৰণ্যৰ পৰা ওলাই অহা এটা হাতী জাকে পূৱ যোৰহাটৰ চেনিজানত ভকত গাঁৱকে ধৰি চটাই, ৰামপুৰ, যাদৱপুৰ, মেলেং আদি অঞ্চলত ধাননি পথাৰত কৃষক ৰাইজৰ ধান খাই তহলিং কৰি গৈছে। ইয়াৰ লগতে বহু লোকৰ ঘৰত নিশা ঘৰ, দুৱাৰ ক্ষতি সাধন কৰাৰ উপৰি গৃহ লৈ আনি থোৱা ধান খাই তহলিং কৰিছে ।‌

উল্লেখ্য যে কালি নিশা চটাই অঞ্চলৰ ভূপেন গগৈ নামৰ লোকজনৰ গৃহত পথাৰৰ পৰা আনি থোৱা ধান খাই ঘৰতো সম্পূৰ্ণ ৰূপে ভাঙি পেলায়। এই সমূহ অঞ্চলত এতিয়া ৰাইজে নিশা হ'লেই বিনিদ্ৰ ৰজনী কটোৱাৰ লগতে এক আতংকময় পৰিবেশ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। বন বিভাগৰ লোক মাজে সময়ে আহে যদিও বৃহৎ হাতীৰ যাকতো খেদি পথাবলৈ সক্ষম হোৱা নাই।‌ সেয়ে গঞা ৰাইজে অতি সোনকালেই বন বিভাগক পহৰা ব্যবস্থা দি ৰাইজক সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান আহ্বান জনাইছে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande