সোণাৰিৰ ৰতনপুৰ চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি
চৰাইদেউ, ০৩ ডিচেম্বৰ (হি.স.)। সোণাৰিৰ ৰতনপুৰ চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি। বাগিছা কতৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী চাহ শ্ৰমিকৰ। চাহ বাগিছা মালিক কতৃপক্ষই বাগিছা পৰিচালকৰ ন মাহ, কৰ্মচাৰীৰ সাতমাহ,উপ কৰ্মচাৰীৰ তিনি মাহৰ লগতে চাহ শ্ৰমিকৰ তিনি পষে
সোণাৰিৰ ৰতনপুৰ চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি


চৰাইদেউ, ০৩ ডিচেম্বৰ (হি.স.)। সোণাৰিৰ ৰতনপুৰ চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি। বাগিছা কতৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী চাহ শ্ৰমিকৰ। চাহ বাগিছা মালিক কতৃপক্ষই বাগিছা পৰিচালকৰ ন মাহ, কৰ্মচাৰীৰ সাতমাহ,উপ কৰ্মচাৰীৰ তিনি মাহৰ লগতে চাহ শ্ৰমিকৰ তিনি পষেকৰ দৰমহা আদায় নিদিয়াৰ বাবেই এই প্ৰতিবাদ।

বাগিছা কতৃপক্ষই সংবাদ মাধ্য়মক অবগত কৰা অনুসৰি দিৰ্ঘদিনৰ পৰা ৰতনপুৰ চাহ বাগিছা খন ভীষন লোকচানত চলি আছে। চাহপাতৰ উতপাদন হৈছে যদিও উপযুক্ত বজাৰ লাভ কৰাত ব্যৰ্থ হৈছে।শেহতীয়া ভাবে কেচা চাহপাতৰ মুল্য অস্বাভাৱিক হাৰত হ্ৰাস পোৱাত ৰতনপুৰ চাহ বাগিছাৰ মালিক পক্ষ ভীষণ লোকচানৰ সন্মুখীন হৈছে।

ফলত চাহ বাগিছা খনৰ শ্ৰমিক,কৰ্মচাৰী আৰু পৰিচালকৰ নিয়মিত দৰমহা প্ৰদানত ব্যৰ্থ হৈছে মালিক পক্ষ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande