
নগাঁও, ০৩ ডিচেম্বৰ (হি.স.): নগাঁও চহৰৰ হয়বৰগাওঁ অঞ্চলৰ অন্তৰ্গত খুটিকটীয়াত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰিছে । খুটিকটীয়াত অৱস্থিত জন স্বাস্থ্য বিভাগৰ পানী যোগান আঁচনীৰ কাৰ্যালয়ৰ সমীপতে কলঙ নৈত উটি আহি সমুখৰ পানী তোলা এটা ঘাটত মৃতদেহটো লাগেহি ।
জানিব পৰা মতে স্থানীয় এজন যুৱকে পুৱাৰ ভাগত কলঙ নৈত জাৱৰ পেলাবলৈ যাওঁতে মৃতদেহটো প্ৰত্যক্ষ কৰে । কালি বিয়লিপৰলৈ হয়বৰ গাওঁ আৰক্ষীয়ে এগৰাকী দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰে । টি চাৰ্ট আৰু জিন্টছ পেন্ট পৰিহিত গলিত মৃতদেহটো এজন যুৱকৰ বুলি প্ৰত্যক্ষদৰ্শীয়ে জনাইছে । বাতৰি লিখা পৰলৈকে মূতদেহটো চিনাক্ত হোৱা নাই বুলি আৰক্ষীৰ সূত্ৰই জনাইছে ।
উল্লেখ্য যে এদিন আগতে হয়বৰগাৱঁৰ হুজ কহুৱাতলী গাৱঁতো এজন যুৱকৰ মৃতদেহ উদ্বাৰ হৈছিল আৰু কোনোবাই হত্যা কৰি এঘৰৰ বাৰীৰ গছত ফাঁচি লোৱাৰ দৰে ওলমাই থৈ গৈছিল । পিছত মৃতব্যক্তিজনক ওচৰৰে ইটা ভাটাত মেনেজাৰ হিচাপে কৰ্মৰত এজন বিহাৰী সম্প্ৰদায়ৰ লোক আছিল বুলি চিনাক্ত কৰা হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ