
শিৱসাগৰ, ০৩ ডিচেম্বৰ (হি.স.)। শিৱসাগৰৰ নামতি লাটুম গাঁৱত পুনৰ বাঘৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়।যোৱা কিছু দিনৰ পূৰ্বে এজন ব্যক্তিক বাঘে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰিছিল কিন্তু বাঘৰ আক্ৰমণৰ কথা গুৰুত্ব প্ৰদান নকৰিলে বনবিভাগে যাৰ ফলত পিঞ্জৰা স্থাপন কৰা পৰিলক্ষিত নহ'ল ।
ইয়াৰ মাজতে যোৱা কালি মঙ্গলবাৰে সন্ধিয়া পুনৰ দুজন ব্যক্তি ক্ৰমে সুশীল কৰিয়া আৰু অনুপ ভাতাচাজীয়ক বাঘে আক্ৰমণ কৰে । বাঘৰ আক্ৰমণত তেওঁলোকৰ কোনো ধৰণৰ গুৰুতৰ আঘাত নহ'ল যদিও স্থানীয় ৰাইজ সকল বাৰং বাৰ বাঘৰ আক্ৰমণৰ ঘটনা দেখি শংকিত হৈ পৰিছে ।
বনবিভাগে গুৰুত্ব প্ৰদান নকৰাৰ বাবে বাঘে বাবে বাবে আক্ৰমণ কৰিবলৈ সক্ষম হৈছে । অতি শীঘ্ৰে এটা পিঞ্জৰা স্থাপন কৰাৰ দাবী উত্থাপন কৰিছে ভুক্তভোগীয়ে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা