
শিৱসাগৰ, ০৩ ডিচেম্বৰ (হি.স.)। শিৱসাগৰত খোজৰ গ্ৰন্থমেলাৰ আজি তৃতীয় দিন । বৰ্ডিং খেল পথাৰৰ জুবিন গাৰ্গ সাহিত্য ক্ষেত্ৰত গ্ৰন্থ পিপাসুৰ ভিৰ।শিৱসাগৰ দশম গ্ৰন্থ উৎসৱ জুবিনময়। শিৱসাগৰৰ দশম গ্ৰন্থ উৎসৱত গ্ৰন্থ পিপাসুৰ ভিৰ। কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ হাতত জুবিন গাৰ্গ সম্বন্ধীয় গ্ৰন্থ।বিভিন্ন গ্ৰন্থৰ লগতে বিশেষভাৱে গ্ৰন্থ প্ৰেমীৰ মাজত চাহিদা বৃদ্ধি পাইছে অসমৰ হৃদস্পন্দন জুবিন গাৰ্গৰ গান আৰু জীৱন ভিত্তিক কিতাপৰ।
জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰৰ দ্বাৰা লিখিত পিতৃৰ দৃষ্টিত জুবিন মন্টু শইকীয়াৰ জুবিন গাৰ্গ জীৱনৰ পৰা গানলৈ,মাণিক পালৰ জুবিন গাৰ্গ তুৰাৰ পৰা ছিংগাপুৰলৈ মায়াবিনী যাত্ৰা,জুবিনৰ গান,মঞ্জু মজুমদাৰ বৰ্মনৰ প্ৰাণৰ শিল্পী জুবিন আদিকে ধৰি বহু গ্ৰন্থই বিভিন্ন বয়সৰ পঢ়ুৱৈৰ প্ৰথম পচন্দ হৈ পৰিছে। বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে গ্ৰন্থ বিপনী সমূহৰ পৰা শিল্পী জনৰ গানৰ তথা জীৱনী সম্বন্ধীয় গ্ৰন্থ ক্ৰয় কৰিছে। শিৱসাগৰত অনুষ্ঠিত হৈ থকা খোজৰ উদ্যোগত দশম গ্ৰন্থ উৎসৱত জুবিন গাৰ্গ সম্বন্ধীয় গ্ৰন্থ সকলো বয়সৰ ক্ৰেতা সকলৰ পচন্দ হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ