
ধুবুৰী, ০৩ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱা কালি মঙলবাৰে নিশা বৃহৎ বাইক চুৰি চক্ৰ উৎখাত কৰা হয়। গৌৰীপুৰ আৰক্ষী আৰু পশ্চিম বংগ আৰক্ষীৰ যৌথ অভিযানত ছয়খন বাইক সহ তিনিজনক আটক কৰা হয়।
ধুবুৰীৰ বিভিন্ন চৰঅঞ্চলত অভিযান চলাই বাইক চুৰি চক্ৰ লগত জড়িত তিনিজনক আটক কৰাৰ লগতে ছয়খনকৈ চুৰি বাইক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বাইক চুৰি চক্ৰ সৈতে জড়িত ব্যক্তি কেইজন ক্ৰমে গণেশ দাস, মফিজুল হক আৰু আন্তাজুল হক বুলি পৰিচয় পোৱা গৈছে । ইয়াৰে দুজন চুৰি বাইক আৰু দুজন চোৰক পশ্চিম বংগ আৰক্ষীৰ জিম্মাত দিয়াৰ লগতে এজন চোৰ চাৰিখন বাইক গৌৰীপুৰ আৰক্ষী থানাত ৰখা হয়। এই সংক্ৰান্তত গৌৰীপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ