
বঙাইগাঁও, ০৩ ডিচেম্বৰ (হি.স.)। কংগ্ৰেছক আজি সকিয়নী প্ৰদান কোচ ৰাজবংশী জনগোষ্ঠী ছাত্র সমাজৰ । যোৱা কালি ৰাজ্যসভাত সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে আন পাচঁ জনগোষ্ঠীক জনজাতিকৰণৰ বিষয় উৎত্থাপন কৰোতে কংগ্ৰেছৰ সাংসদ সকলে যি আচৰণ কৰিলে তাৰ বাবে কোচ ৰাজবংশী ৰাষ্ট্ৰীয় ছাত্র সন্থা আৰু ছাত্ৰ সমাজ ক্ষোভিত হৈ পৰে।
কংগ্ৰেছ দলটোৱে যদি ভৱিষ্যতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে ভূমিকা গ্ৰহণ কৰে তেনেহলে অনাগত দিনত কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত কংগ্ৰেছৰ প্ৰৱেশ নিষিদ্ধ কৰা হ'ব বুলি সকিয়নী দিয়ে। অভয়াপুৰী মহাবিদ্যালয়ৰ সন্মুখত আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলক জনজাতিকৰণৰ দাবীত ছাত্র সমাজে হাতে হাতে প্লে কাৰ্ড লৈ ন' এছটি ন' ৰেষ্ট, উই ৱান্ট এছটি , ন' এছটি ন' ভোট আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ