বজালীত উপস্থিত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা
বৰপেটা, ০৩ ডিচেম্বৰ (হি.স.)। বজালীত আজি উপস্থিত প্ৰাক্তন বিধায়িকা তথা ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা৷ নলবাৰীৰ পৰা আৰম্ভ হোৱা আঙুৰলতা ডেকাৰ বিশ্বাস যাত্ৰাৰ আজি দ্বিতীয় পৰ্যায়৷ মহিলা সৱলীকৰন নতুৱা মহিলা সুৰক্ষাৰ ক্ষেত্ৰত সজাগতাৰ উদ্দেশ্যৰে
বজালীত উপস্থিত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা


বৰপেটা, ০৩ ডিচেম্বৰ (হি.স.)। বজালীত আজি উপস্থিত প্ৰাক্তন বিধায়িকা তথা ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা৷ নলবাৰীৰ পৰা আৰম্ভ হোৱা আঙুৰলতা ডেকাৰ বিশ্বাস যাত্ৰাৰ আজি দ্বিতীয় পৰ্যায়৷ মহিলা সৱলীকৰন নতুৱা মহিলা সুৰক্ষাৰ ক্ষেত্ৰত সজাগতাৰ উদ্দেশ্যৰে আঙুৰলতা ডেকাৰ এই বিশ্বাস যাত্ৰা৷ বজালী জিলা প্ৰশাসনৰ লগত সামগ্ৰিক বিষয় সন্দৰ্ভত মত বিনিময় কৰে অধ্যক্ষা গৰাকীয়ে৷ মহিলাৰ লগতে পুৰুষৰ মাজতো সজাগতা সৃষ্টিৰ প্ৰয়োজন আছে বুলি অনুভৱ আঙুৰলতাৰ৷ জিলা বা ব্লক পৰ্যায়ত মহিলা কোষসমূহ শক্তিশালী কৰাৰ পোষকতা আঙুৰলতাৰ৷

১৮১হেল্পলাইন নম্বৰটো জিলা কাৰ্যালয়, স্কুল নতুৱা ৰাজহুৱা স্থানত পোষ্টাৰ হিচাপে লগালে ৰাইজৰ সুবিধা হৱ বুলি দাবী অধ্যক্ষা গৰাকীৰ৷ গাওঁ পৰ্যায়ৰে হওঁক বা নগৰ অঞ্চলতে হওঁক বাল্য বিবাহ সন্দৰ্ভত সজাগতামুলক সভা অনুষ্ঠিত কৰাৰ ইচ্ছা আঙুৰলতাৰ৷ ছোৱালী সকলৰ জন্মৰ দিনৰ পৰা স্কুলীয়া শিক্ষা সমাপ্তিলৈকে হিমন্ত বিশ্ব শৰ্মাই যি পদক্ষেপ গ্ৰহন কৰিছে তাৰ শলাগ ললে অধ্যক্ষা গৰাকীয়ে৷ ২০২৬ ত বিধানসভা নিৰ্বাচনত এক প্ৰকাৰ নিৰ্বাচন নেখেলো বুলি স্বীকাৰ আঙুৰলতাৰ৷ ১৯ তাৰিখে জুবিন গাৰ্গৰ সৈতে কি হৈছিল সেয়া অসমবাসীয়ে জনাটো দৰকাৰ৷ দোষীয়ে শাস্তি পাৱ লাগিৱ বুলি দাৱী আঙুলতাৰ৷ ৮ ডিচেম্বৰত খানাপাৰাত অনুষ্ঠিত হব লগা ৰকষ্টাৰ পোষ্ট মেলনৰ সংগীত অনুষ্ঠান সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি নকৰিবলৈ আহ্বান আঙুৰলতা ডেকাৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande