পৰিৱেশ অৱক্ষয়ক লৈ ছোনিয়া গান্ধীৰ উদ্বেগ প্ৰকাশ, কেন্দ্ৰক ব্যৱস্থাৰ পৰামৰ্শ
নতুন দিল্লী, ০৩ ডিচেম্বৰ (হি.স.)। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰে অবৈধ খনন, বনাঞ্চল ধ্বংস, শিথিল পৰিৱেশ আইন, ভূগৰ্ভস্থ পানীত ইউৰেনিয়ামৰ মাত্ৰা বৃদ্ধি, দিল্লী-এনচিআৰত বিষাক্ত বতাহৰ দৰে সংকটৰ সৃষ্টি কৰি দেশখনক ভয়াৱহ
सोनिया गांधी ने मिशेल बेचेलेट को इंदिरा गांधी शांति, निरस्त्रीकरण और विकास पुरस्कार दिया


নতুন দিল্লী, ০৩ ডিচেম্বৰ (হি.স.)। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰে অবৈধ খনন, বনাঞ্চল ধ্বংস, শিথিল পৰিৱেশ আইন, ভূগৰ্ভস্থ পানীত ইউৰেনিয়ামৰ মাত্ৰা বৃদ্ধি, দিল্লী-এনচিআৰত বিষাক্ত বতাহৰ দৰে সংকটৰ সৃষ্টি কৰি দেশখনক ভয়াৱহ পৰিৱেশ দুৰ্যোগৰ দিশে ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। আৰাৱল্লী পৰ্বতমালাক খননৰ বাবে কাৰ্যতঃ মুকলি কৰি ৰখা, উপকূলীয় আৰু বন আইন দুৰ্বল কৰা, জনজাতীয় অধিকাৰক আওকাণ কৰাটো চৰকাৰৰ এনে নীতিৰ অংশ যিয়ে ভাৰতৰ প্ৰাকৃতিক ভাৰসাম্য দ্ৰুতগতিত বিঘ্নিত কৰি লাখ লাখ লোকৰ স্বাস্থ্য বিপদত পেলাইছে বুলিও কয় তেওঁ।

ইংৰাজী কাকতত প্ৰকাশিত এটা প্ৰবন্ধত ছোনিয়া গান্ধীয়ে উল্লেখ কৰিছে যে শেহতীয়াকৈ ১০০ মিটাৰতকৈ কম উচ্চতাৰ পাহাৰক খনন নিষেধাজ্ঞাৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত আৰাৱলী পাহাৰৰ ৯০ শতাংশৰ বাবে বিপদৰ সংকেত। এই পদক্ষেপে ইতিমধ্যে অবৈধ খননৰ দ্বাৰা প্ৰভাৱিত পৰিসৰক আৰু অধিক ধ্বংস কৰিব। দিল্লী-এনচিআৰত প্ৰতি শীতকালত বৃদ্ধি পোৱা ধোঁৱাক এক স্থায়ী জনস্বাস্থ্য সংকট বুলিও অভিহিত কৰি কয় যে মাত্ৰ ১০খন চহৰৰ বায়ু প্ৰদূষণৰ ফলত বছৰি ৩৪ হাজাৰ লোকৰ মৃত্যু হয়।

কেন্দ্ৰীয় ভূগৰ্ভস্থ পানী ব’ৰ্ডৰ শেহতীয়া প্ৰতিবেদনৰ কথা উল্লেখ কৰি তেওঁ কয় যে দিল্লীৰ ১৩–১৫ শতাংশ ভূগৰ্ভস্থ পানীৰ নমুনাত ইউৰেনিয়ামৰ ঘনত্ব নিৰাপদ সীমাৰ ওপৰত থকাৰ বিপৰীতে পঞ্জাৱ আৰু হাৰিয়ানাত ইয়াৰ মাত্ৰা আৰু অধিক। এই পৰিস্থিতিয়ে প্ৰমাণ কৰে যে ভাৰতে পানী, বনাঞ্চল, বায়ু তিনিওটা ফ্ৰণ্টতে দ্ৰুত পৰিৱেশ অৱক্ষয়ৰ সন্মুখীন হৈছে।

ছোনিয়া গান্ধীয়ে কয় যে চৰকাৰী নীতিয়ে সংৰক্ষণতকৈ প্ৰাকৃতিক সম্পদৰ শোষণক প্ৰসাৰিত কৰে। বন (সংৰক্ষণ) সংশোধনী আইন ২০২৩, খচৰা ইআইএ ২০২০, আৰু উপকূলীয় নিয়ন্ত্ৰণ নিয়ম ২০১৮ৰ দৰে ব্যৱস্থাক তেওঁ এনে সিদ্ধান্ত বুলি অভিহিত কৰে যিয়ে পৰিৱেশ সুৰক্ষা ব্যৱস্থাক দুৰ্বল কৰি তুলিছে আৰু বৃহৎ কৰ্পৰেট প্ৰকল্পসমূহ পৰ্যাপ্ত নিৰীক্ষণ অবিহনে আগবাঢ়ি যোৱাৰ পথ মুকলি কৰিছে।

জনজাতীয় অঞ্চল আৰু বন অধিকাৰ আইন দুৰ্বল হোৱাৰ ধাৰাও চিন্তনীয় বুলিও কয় ছোনিয়া গান্ধীয়ে। এই সম্প্ৰদায়সমূহে যুগ যুগ ধৰি বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্যক সুৰক্ষিত কৰি আহিছে। বনাঞ্চল, পাহাৰ, উপকূলীয় অঞ্চলসমূহ অহৰহ ভাবুকিৰ সন্মুখীন হৈ আছে আৰু যদিহে নীতি নিৰ্ধাৰণত বৈজ্ঞানিক দৃষ্টিভংগী, স্বচ্ছতা, আৰু স্থানীয় সম্প্ৰদায়ৰ অংশগ্ৰহণক অগ্ৰাধিকাৰ দিয়া নহয়, তেন্তে আগন্তুক বছৰবোৰত ইয়াৰ মূল্য গধুৰ হ’ব।

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে অবৈধ খননৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা, বনাঞ্চল ধ্বংস শীঘ্ৰে বন্ধ কৰা, দুৰ্বল হৈ পৰা পৰিৱেশ আইন পুনৰীক্ষণ, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ দৰে প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰাকে ধৰি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত দেশখনক নৱীকৃত প্ৰতিশ্ৰুতিৰ প্ৰয়োজন। কেৱল এই ব্যৱস্থাইহে ভাৰতক বিশুদ্ধ বায়ু, নিৰাপদ পানী আৰু বহনক্ষম ভৱিষ্যতৰ দিশত লৈ যাব পাৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande