তামুলপুৰত আজিৰে পৰা স্কিল যাত্ৰা কাৰ্যসূচীৰ শুভাৰম্ভ
তামুলপুৰ, ০৩ ডিচেম্বৰ (হি.স.)। অসম চৰকাৰৰ উদ্যোগত ৰাজ্যজুৰি আৰম্ভ কৰা স্কিল যাত্ৰা কাৰ্যসূচী আজিৰে পৰা তামুলপুৰ জিলাত শুভাৰম্ভ কৰা হয়। অসম স্কিল ডেভেলপমেণ্ট মিচন (ASDM)ৰ যুগান্তকাৰী স্কিল যাত্ৰা কাৰ্যসূচীৰ তৃতীয় পৰ্যায়ৰ অংশ হিচাপে তামুলপুৰ জি
তামুলপুৰত আজিৰে পৰা স্কিল যাত্ৰা কাৰ্যসূচীৰ শুভাৰম্ভ


তামুলপুৰ, ০৩ ডিচেম্বৰ (হি.স.)। অসম চৰকাৰৰ উদ্যোগত ৰাজ্যজুৰি আৰম্ভ কৰা স্কিল যাত্ৰা কাৰ্যসূচী আজিৰে পৰা তামুলপুৰ জিলাত শুভাৰম্ভ কৰা হয়। অসম স্কিল ডেভেলপমেণ্ট মিচন (ASDM)ৰ যুগান্তকাৰী স্কিল যাত্ৰা কাৰ্যসূচীৰ তৃতীয় পৰ্যায়ৰ অংশ হিচাপে তামুলপুৰ জিলাত আজিৰে পৰা আৰম্ভ কৰা হয়। ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত নিশ্চিত সপোনৰ দিশে আগবাঢ়ি যোৱাৰ পথ প্ৰশস্ত কৰিবলৈ অসম স্কিল ডেভেলপমেণ্ট মিচনে তামুলপুৰ জিলাৰ ১৫০০ ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতামূলক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আজি পুৱাৰ ভাগত তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে শুভাৰম্ভ কৰা সজাগতামূলক কাৰ্যসূচী তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত ৰূপায়ণ কৰা হয়। আজিৰ কাৰ্যসূচীত তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে স্কিল যাত্ৰা প্ৰজেক্টৰ কেইবা গৰাকীও বিষয়ববীয়া তথা তামুলপুৰৰ কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপকবৃন্দ উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande