বেকাৰী উদ্যোগ স্থাপন কৰি স্বাৱলম্বী গহপুৰৰ মহিলা
বিশ্বনাথ, ০৩ ডিচেম্বৰ (হি.স.)। বৰ্তমানৰ চৰকাৰ খনে মহিলাসকলক উদ্যমী কৰি গঢ়িবলৈ বিভিন্ন পদক্ষেপ হাতত লৈছে। এনে সময়তে গহপুৰৰ এগৰাকী উদ্যমী মহিলাই ঘৰতে গঢ়ি তুলিছে বেকাৰী উদ্যোগ। ইয়াৰ দ্বাৰা স্বাৱলম্বী হৈ পৰিছে মহিলাগৰাকী। উল্লেখ্য় যে গহপুৰৰ শিমলুগ
বেকাৰী উদ্যোগ স্থাপন কৰি স্বাৱলম্বী গহপুৰৰ মহিলা


বিশ্বনাথ, ০৩ ডিচেম্বৰ (হি.স.)। বৰ্তমানৰ চৰকাৰ খনে মহিলাসকলক উদ্যমী কৰি গঢ়িবলৈ বিভিন্ন পদক্ষেপ হাতত লৈছে। এনে সময়তে গহপুৰৰ এগৰাকী উদ্যমী মহিলাই ঘৰতে গঢ়ি তুলিছে বেকাৰী উদ্যোগ। ইয়াৰ দ্বাৰা স্বাৱলম্বী হৈ পৰিছে মহিলাগৰাকী।

উল্লেখ্য় যে গহপুৰৰ শিমলুগুৰিৰ ৰঞ্জু হাজৰিকাই পূৰ্বতে বিভিন্ন মিঠাই প্ৰস্তুত কৰি বিক্ৰী কৰি উপাৰ্জন মুখী হৈ উঠিছিল। বৰ্তমান ব্যৱসায়টো বহল পৰিসৰলৈ নিবলৈ বেকাৰী, মিঠাই প্ৰস্তুতৰ মেচিন স্থাপন কৰিছে। আশিৰ্বাদ বেকাৰী নাম দি আৰম্ভ কৰিছে ব্যৱসায়। ইতিমধ্যে নিজে স্বাৱলম্বী হোৱাৰ লগতে কেইবাজনো লোকক সংস্থাপন দিছে মহিলাগৰাকীয়ে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande