ইম্ফল পশ্চিমত গ্ৰেপ্তাৰ ইউএনএলএফ (কে)ৰ সদস্য
ইম্ফল, ০৩ ডিচেম্বৰ (হি.স.)। ইম্ফল পশ্চিম জিলাৰ উৰিপক ইয়াম্বেম লেইকাই অঞ্চলৰ পৰা ইউএনএলএফ (কে) সংগঠনৰ এজন কেডাৰক গ্ৰেপ্তাৰ কৰে নিৰাপত্তা বাহিনীয়ে। আৰক্ষীৰ এগৰাকী মুখপাত্ৰই আজি কয় যে ধৃত কেডাৰজন ধন দাবীৰ সৈতে জড়িত আছিল। ধৃত যুৱকজন সাগোলবন্দ তেৰা
इम्फाल वेस्ट में गिरफ्तार यूएनएलएफ (के) कैडर की तस्वीर।


ইম্ফল, ০৩ ডিচেম্বৰ (হি.স.)। ইম্ফল পশ্চিম জিলাৰ উৰিপক ইয়াম্বেম লেইকাই অঞ্চলৰ পৰা ইউএনএলএফ (কে) সংগঠনৰ এজন কেডাৰক গ্ৰেপ্তাৰ কৰে নিৰাপত্তা বাহিনীয়ে। আৰক্ষীৰ এগৰাকী মুখপাত্ৰই আজি কয় যে ধৃত কেডাৰজন ধন দাবীৰ সৈতে জড়িত আছিল।

ধৃত যুৱকজন সাগোলবন্দ তেৰা লৌকেৰকপাম লেইকাইৰ নিবাসী লাইশ্ৰম প্ৰঞ্জিনিত সিং ওৰফে জিত ওৰফে থণ্ডনবা বুলি পৰিচয় পোৱা গৈছে। ইম্ফল থানা এলেকাত এক সমন্বিত অভিযানৰ সময়ত তেওঁক আটক কৰা হয়।

বিষয়াসকলে জনোৱা মতে, ধৃত জনৰ পৰা এটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে, য’ত গুৰুত্বপূৰ্ণ সূত্ৰ থকা বুলি অনুমান কৰা হৈছে। এই গোচৰৰ তদন্ত অব্যাহত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

 rajesh pande