বি এছ এফ আৰু আৰক্ষীৰ‌ অভিযানত‌ মনিপুৰত বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ, বিষ্ফোৰক আৰু গুলি জব্দ
ইম্ফল, ০৩ডিচেম্বৰ (হি.স.)। বি এছ এফ আৰু আৰক্ষীৰ‌ অভিযানত‌ মনিপুৰত বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ, বিষ্ফোৰক আৰু গুলি জব্দ। ৰাষ্ট্ৰপতি শাসন চলি থকা অশান্ত জৰ্জৰ মনিপুৰত‌ অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। গোপন সূত্ৰৰ পম খেদ
বি এছ এফ আৰু আৰক্ষীৰ‌ অভিযানত‌ মনিপুৰত বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ, বিষ্ফোৰক আৰু গুলি জব্দ


ইম্ফল, ০৩ডিচেম্বৰ (হি.স.)। বি এছ এফ আৰু আৰক্ষীৰ‌ অভিযানত‌ মনিপুৰত বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ, বিষ্ফোৰক আৰু গুলি জব্দ। ৰাষ্ট্ৰপতি শাসন চলি থকা অশান্ত জৰ্জৰ মনিপুৰত‌ অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। গোপন সূত্ৰৰ পম খেদি বিএছ এফৰ মিজোৰাম-কাছাৰ ফ্ৰন্টিয়াৰৰ চোৰাং চোৱা আৰু মনিপুৰ আৰক্ষীয়ে পশ্চিম ইম্ফল জিলাত অভিযান চলাই বুধবাৰে বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ, বিষ্ফোৰক আৰু সক্ৰিয় গুলি জব্দ কৰিব সক্ষম হয়।

অভিযান কালত ৩টা ৰাইফল, ২টা পিষ্টল, ১টা হেণ্ড গ্ৰেনেড,১০টা কাৰ্টিজ ৪টা ৱাকিটকি আৰু বিভিন্ন মাৰণাস্ত্ৰৰ‌ বুজন সংখ্যক সক্ৰিয় গুলি জব্দ কৰিব সক্ষম হয়। জব্দ কৰা মাৰণাস্ত্ৰ সমুহ কোনো‌ উগ্ৰপন্থী সংগঠনৰ বুলি সন্দেহ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande