সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট শিল্পী তৰুণ বৰা বৰবায়নৰ দেহাৱসান
যোৰহাট, ০৩ ডিচেম্বৰ (হি.স.)। যোৰহাট জিলাৰ তিতাবৰৰ শশীকুল সংগীত বিদ্যালয় আৰু শ্ৰীগুৰু সংগীত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, তিতাবৰ মিলন নগৰ নিবাসী তৰুণ বৰা বৰবায়ন দেৱৰ মঙ্গলবাৰৰ সন্ধিয়া দেহাৱসান হয়। যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসা
সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট শিল্পী তৰুণ বৰা বৰবায়নৰ দেহাৱসান


যোৰহাট, ০৩ ডিচেম্বৰ (হি.স.)। যোৰহাট জিলাৰ তিতাবৰৰ শশীকুল সংগীত বিদ্যালয় আৰু শ্ৰীগুৰু সংগীত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, তিতাবৰ মিলন নগৰ নিবাসী তৰুণ বৰা বৰবায়ন দেৱৰ মঙ্গলবাৰৰ সন্ধিয়া দেহাৱসান হয়। যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসা কৰি থকা অৱস্থাত মঙ্গলবাৰে সন্ধ্যা ইহলীলা সম্বৰণ কৰে।

প্ৰয়াত তৰুণ বৰা বৰবায়ন দেৱে তিতাবৰত জাতি বৰ্ণ ভেদে গাঁৱে ভুয়ে নগৰে চহৰে বিভিন্ন অঞ্চলৰ অৱহেলিত নিস্পেশিত বহু শিক্ষাৰ্থীক বিনামূলীয়াকৈ সত্ৰীয়া সংস্কৃতিৰ শিক্ষা দিয়াৰ লগতে তিতাবৰত সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰ খনত বিশেষ ভাৱে কাম কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল। প্ৰায় ৬৫ বছৰীয়া বিশিষ্ট শিল্পী গৰাকীয়ে জীৱিত কালত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাইজৰ পৰা বহু কেইটা বঁটা আৰু বহুতো সম্বৰ্ধনা লাভ কৰিবলৈ সক্ষম হৈছিল। শিল্পী গৰাকীৰ মৃত্যুত তিতাবৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande