
নতুন দিল্লী, ০৩ ডিচেম্বৰ (হি.স.)। যাত্ৰীসকলৰ সুবিধা আৰু স্বচ্ছতা আৰু অধিক বৃদ্ধিৰ স্বাৰ্থত ভাৰতীয় ৰে’লৱেই কাউণ্টাৰত ক্ৰয় কৰা তটকালৰ টিকটৰ বাবে অ’টিপি ভিত্তিক টিকট ব্যৱস্থা ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আগন্তুক কেইদিনমানৰ ভিতৰত সমগ্ৰ দেশৰ সকলো ৰিজাৰ্ভেচন কাউণ্টাৰত এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব।
ৰে’ল মন্ত্ৰালয়ৰ মতে, তটকাল সুবিধাৰ অপব্যৱহাৰ ফলপ্ৰসূভাৱে ৰোধ কৰাৰ লগতে প্ৰকৃত যাত্ৰীসকলক অধিক সুযোগ প্ৰদানৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰেলৱেই ২০২৫ চনৰ জুলাই মাহত অনলাইন তটকাল টিকটৰ বাবে আধাৰ ভিত্তিক প্ৰমাণীকৰণ প্ৰৱৰ্তন কৰে।পিছত ২০২৫ চনৰ অক্টোবৰ মাহত সাধাৰণ সংৰক্ষণৰ প্ৰথম দিনটোত অনলাইন টিকট বুকিঙৰ বাবে অ’টিপি ভিত্তিক ব্যৱস্থা ৰূপায়ণ কৰা হয়। এই দুয়োটা পদক্ষেপ যাত্ৰীসকলে ব্যাপকভাৱে গ্ৰহণ কৰে, যাৰ ফলত টিকট প্ৰক্ৰিয়া অধিক স্বচ্ছ হৈ পৰে।
এই সন্দৰ্ভত ২০২৫ চনৰ ১৭ নৱেম্বৰত ৰেলৱেই ৰিজাৰ্ভেচন কাউণ্টাৰত তটকালৰ টিকটৰ বাবে অ’টিপি ভিত্তিক ব্যৱস্থা ৰূপায়ণৰ বাবে এক পাইলট প্ৰজেক্ট আৰম্ভ কৰে। বৰ্তমান এই সুবিধা ৫২খন ৰে’ললৈ সম্প্ৰসাৰিত কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত তাটকাল টিকট বুকিং ফৰ্মত যাত্ৰীয়ে দিয়া মোবাইল নম্বৰলৈ অ’টিপি প্ৰেৰণ কৰা হয়। অ’টিপি ভেৰিফিকেচনৰ পিছতহে টিকট প্ৰদান কৰা হয়।
ৰে’ল বিভাগৰ বিষয়াসকলৰ মতে, অনাগত দিনত বাকী থকা সকলো ৰে’লত এই অ’টিপি ভিত্তিক তটকাল সংৰক্ষণ ব্যৱস্থা ৰূপায়ণ কৰা হ’ব। ইয়াৰ ফলত টিকট প্ৰক্ৰিয়াত স্বচ্ছতা, নিৰাপত্তা, আৰু যাত্ৰীৰ সুবিধা যথেষ্ট বৃদ্ধি পাব।
हिन्दुस्थान समाचार / অৰৱিন্দ