বিলাসীপাৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী
বিলাসীপাৰাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।
বিলাসীপাৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী


ধুবুৰী, ০৩ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত যোৱা কালি মঙলবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। সোণামুখী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। বাইক আৰু মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো ঘটে়।এই সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী জন।

ইফালে বাইক আৰোহী জনৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই। লোক জন বগৰিবাৰীৰ জালাবিলাৰ বুলি জানিব পৰা গৈছে। মালবাহী ট্ৰাকখন ধুবুৰী পৰা চাপৰ অভিমুখে গৈ অৱস্থাত বাইক আৰোহী জনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনা গ্ৰস্ত ট্ৰাক খনৰ নম্বৰ ডব্লিউবি ৫৯ চি ৯০৫৬ হোৱাৰ বিপৰীতে বাইক খনৰ নম্বৰ এএছ ১৭ কিউ ৯১৫৩ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত শালকোচা আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande