আৰ বি আইৰ মুদ্ৰানীতি সমিতিৰ বৈঠক আৰম্ভ, ৰেপো ৰেট ০.২৫% কৰ্তন সম্ভৱ
নতুন দিল্লী/মুম্বাই, ০২ ডিচেম্বৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ পঞ্চম দ্বিমাহেকীয়া পৰ্যালোচনা বৈঠক আজিৰে পৰা আৰম্ভ হৈছে । আৰ বি আইৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ অধ্যক্ষতাত তিনিদিনীয়া এই পৰ্যালোচনা বৈঠকত লোৱা সিদ্ধান্তসমূহ অহা ৫ ডিচে
आरबीआई के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী/মুম্বাই, ০২ ডিচেম্বৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ পঞ্চম দ্বিমাহেকীয়া পৰ্যালোচনা বৈঠক আজিৰে পৰা আৰম্ভ হৈছে । আৰ বি আইৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ অধ্যক্ষতাত তিনিদিনীয়া এই পৰ্যালোচনা বৈঠকত লোৱা সিদ্ধান্তসমূহ অহা ৫ ডিচেম্বৰৰ পুৱা ১০ বজাত ঘোষণা কৰা হ’ব। অৰ্থনৈতিক বিশেষজ্ঞসকলে কয় যে আৰ বি আইয়ে পলিচি ৰেট (ৰেপো ৰেট) ০.২৫% পৰ্যন্ত কৰ্তন কৰিব পাৰে।

চৰকাৰী সূত্ৰই বুধবাৰে জনোৱা মতে, জিডিপি বৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ শেহতীয়া তথ্যৰ প্ৰতি লক্ষ্য ৰাখি আৰ বি আইৰ মুদ্ৰানীতি সমিতিৰ সদস্যসকলে মুদ্ৰানীতিৰ ভৱিষ্যত দিশৰ বিষয়ে বিতংভাৱে আলোচনা কৰিব। শুকুৰবাৰে পুৱা ১০ বজাত আৰ বি আইৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই এই নীতিৰ ফলাফল ঘোষণা কৰিব। এম পি চিৰ এই বৈঠক এনে সময়ত অনুষ্ঠিত হৈছে যেতিয়া দেশৰ অৰ্থনৈতিক প্ৰদৰ্শন শক্তিশালী হৈ আছে আৰু মুদ্ৰাস্ফীতি তীব্ৰভাৱে হ্ৰাস পাইছে।

অৰ্থনৈতিক বিশেষজ্ঞসকলে কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকে নীতিগত সুতৰ হাৰ (ৰেপো ৰেট) ০.২৫ শতাংশ পৰ্যন্ত হ্ৰাস কৰিব পাৰে। বিশেষজ্ঞসকলে জনোৱা মতে, চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ বাবে ৫ম মুদ্ৰানীতি সমিতিৰ বৈঠকত ৰিজাৰ্ভ বেংকে নীতি সুতৰ হাৰ (ৰেপ’ ৰেট) ০.২৫ শতাংশ হ্ৰাস কৰিব পাৰে।

আৰ বি আইৰ গৱৰ্ণৰ মালহোত্ৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠক ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ চলিব। ইয়াৰ পূৰ্বে ৰিজাৰ্ভ বেংকে একেৰাহে দুবাৰকৈ ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিছিল। ফলস্বৰূপে আৰ বি আইয়ে এইবাৰ নীতিৰ হাৰ ০.২৫ শতাংশ কৰ্তন কৰিব পাৰে বুলি আশা কৰা হৈছে। এইবাৰ যদি আৰ বি আইয়ে কৰ্তন কৰে তেন্তে এই হাৰ হ’ব ৫.২৫ শতাংশ। ইয়াৰ ফলত ঋণৰ ইএমআই হ্ৰাস পাব।

উল্লেখযোগ্য যে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ দ্বিতীয় ত্ৰৈমাসিক (জুলাই-ছেপ্টেম্বৰ)ৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ পৰিসংখ্যা আছিল ৮.২ শতাংশ। ইফালে অক্টোবৰ মাহত খুচুৰা মুদ্ৰাস্ফীতি তীব্ৰভাৱে হ্ৰাস পাই ০.২৫ শতাংশ হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande