ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত ভয়ংকৰ পথ দুৰ্ঘটনা
ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত ভয়ংকৰ পথ দুৰ্ঘটনা
ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত ভয়ংকৰ পথ দুৰ্ঘটনা


ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত ভয়ংকৰ পথ দুৰ্ঘটনা


কামৰূপ, ০৩ ডিচেম্বৰ (হি.স.)। ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । দ্ৰুতবেগী হোণ্ডা এলিভেটৰ বাহনক মহতিয়ালে নলবাৰী অভিমুখী ট্ৰাকে । ইয়াৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ । দুৰ্ঘটনাত চূৰ্ণ বিচূৰ্ণ হয় এএছ ০১ জিএইচ ২৪১৩ নম্বৰৰ হোণ্ডা এলিভেটৰ বাহন ।

ঘটনা বিৱৰণী অনুসৰি, নলবাৰীৰ অভিমুখী দ্ৰুতবেগী এএছ ০১ জিএইচ ২৪১৩ নম্বৰৰ হোণ্ডা এলিভেট বাহনখনে হঠাৎ ডিভাইডাৰ পাৰ হ'বলৈ লয় । যাৰ ফলত পিছপিনৰ পৰা ডব্লিউবি ৫৭ ডি ৭২৪৫ নম্বৰৰ বাহনখনে মহতিয়াই নিয়ে হোণ্ডা এলিভেট বাহনখনক । দুৰ্ঘটনাৰ লগে লগে এয়াৰ বেগে দ্ৰুতগতিত নিয়ন্ত্ৰণ কৰে ভিতৰৰ অংশ । ইফালে ডিভাইডাৰত ৰৈ থকা এগৰাকী পথচাৰী কোনোমতে ৰক্ষা পৰে দুৰ্ঘটনাটোৰ পৰা । দুৰ্ঘটনাৰ লগে লগে বাহনৰ পৰা জঁপিয়াই কোনোমতে ৰক্ষা পৰে মতিফ আলী নামৰ লোকজন । আনহাতে এই দুৰ্ঘটনাটো হোণ্ডা এলিভেট বাহনখনৰ চালকৰ ভুলৰ বাবে সংঘটিত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande