
ধুবুৰী, ০৩ ডিচেম্বৰ (হি.স.)। বিলাসীপাৰা সম জিলা কাৰ্যালয়ৰ সন্মুখত আজি আক্ৰাছুৰ অনশন কাৰ্যসূচী ৰূপায়ণ। কমতাপুৰ ৰাজ্য পুনৰ গঠন,কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ,মাতৃ ভাষাৰ সাংবিধানিক স্বীকৃতিৰ দাবীত সাব্যস্ত কৰা হই উক্ত অনশন কাৰ্যসূচীৰ। কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিল কেএছডিএছ ,আক্ৰাছু, আৰু কোচ ৰাজবংশী জাতীয় সংগঠনৰ যৌথ উদ্যোগত ১০০ ঘন্টীয়া গণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদকাৰী সকলে স্পষ্টভাবে উল্লেখ কৰে যে কেএলঅ'ৰ মুৰব্বী জীৱন সিংহৰ সৈতে যদিহে শান্তি আলোচনাত মিলিত নহয় তেন্তে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ভাৰত চৰকাৰ,অসম চৰকাৰ আৰু পশ্চিম বংগৰ চৰকাৰক। প্ৰতিবাদকাৰীৰ শেষত সম জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি , প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰী লৈ বিভিন্ন সমস্যা সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। অতি শীঘ্ৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সমস্যা আৰু দাবী সমাধান নকৰিলে ৰে'ল পথ আৰু ৰাজ পথ অৱৰোধ কৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ