
গোলাঘাট, ০৩ ডিচেম্বৰ (হি.স.)। নুমলীগড় শোধনাগাৰৰ বাবে ঐতিহাসিক ক্ষণ। নুমলীগড় শোধনাগাৰে লাভ কৰিলে নৱৰত্ন মৰ্যাদা। আনন্দিত নুমলীগড় শোধনাগাৰৰ বিষয়া-কৰ্মচাৰীৰ লগতে বিভিন্ন দল সংগঠন স্থানীয় ৰাইজ। নুমলীগড় শোধনাগাৰে লাভ কৰিলে 'নৱৰত্ন'ৰ মৰ্যাদা। অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ কেচা তেজৰ বিনিময়ত স্থাপন হোৱা নুমলীগড় শোধনাগাৰৰ উক্ত মৰ্যাদা লাভৰ পিছতে উত্ফুল্লিত হৈ পৰিছে সকলো। ইতিমধ্যে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰণালয়ে প্ৰদান কৰিছে 'নৱৰত্ন'ৰ স্বীকৃতি। দেশৰ নৱৰত্ন কোম্পানীৰ ২৭তম উদ্যোগ হিচাপে চিহ্নিত হ'ল শোধনাগাৰটো। অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীক উৎফুল্লিত কৰি তুলিছে।
উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰৰ ২০২৪-২৫ বিত্তীয় বৰ্ষত ব্যৱসায় আছিল ২৫,১৪৭ কোটি টকা আৰু লাভাংশ আছিল ১,৬০৮ কোটি টকা। পূৰ্বে নুমলীগড় শোধনাগাৰক মিনি নৱৰত্ন মৰ্যাদা প্ৰদান কৰা হৈছিল। যোৱা কালি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে নুমলীগড় শোধনাগাৰক নৱৰত্ন কেন্দ্ৰীয় ৰাজহুৱা খণ্ড (Navratna CPSE) ৰ প্ৰতিষ্ঠান হিচাপে অনুমোদন জনাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা