বাইহাটা চাৰিআলিৰ জালিমুৰা গাঁৱত স্কুতি উদ্ধাৰ
কামৰূপ, ০৩ ডিচেম্বৰ (হি.স.)। বাইহাটা চাৰিআলিৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জালিমুৰা গাঁৱত আজি স্কুতি উদ্ধাৰ । বিগত ২৫ নবেম্বৰৰ নিশাৰ পৰাই নাইকিয়া হৈ আছিল একে গাঁৱৰে গিৰিন চমুৱাৰ হোন্দা ডিউ স্কুতি খন । গিৰিন চমুৱাই দেউতাকৰ বছৰেকীয়া শ্ৰাদ্ধ উপলক্ষে ন
বাইহাটা চাৰিআলিৰ জালিমুৰা গাঁৱত স্কুতি উদ্ধাৰ


কামৰূপ, ০৩ ডিচেম্বৰ (হি.স.)। বাইহাটা চাৰিআলিৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জালিমুৰা গাঁৱত আজি স্কুতি উদ্ধাৰ । বিগত ২৫ নবেম্বৰৰ নিশাৰ পৰাই নাইকিয়া হৈ আছিল একে গাঁৱৰে গিৰিন চমুৱাৰ হোন্দা ডিউ স্কুতি খন । গিৰিন চমুৱাই দেউতাকৰ বছৰেকীয়া শ্ৰাদ্ধ উপলক্ষে নাগাৰা নাম দল আমন্ত্ৰণ কৰাৰ বাবে স্কুতি খন বাটতে ৰখাই থৈছিল ।

নাম দল যোৱাৰ পিচত স্কুতি খন ঘৰলৈ আনিবলৈ যোৱাত দেখা পায় যে স্কুতি খন নিৰ্দিষ্ট স্থানত নাই ।লগে লগে গিৰিন চমুৱাই কমলপুৰ আৰক্ষী থানাত স্কুতি খন কোনোবাই চুৰি কৰি নিয়াৰ সন্দেহ কৰি এজাহাৰ দাখিল কৰে । এসপ্তাহ পিচত নিজৰ ঘৰৰ সন্মুখৰ মেটেকা থকা পুখুৰীত উদ্ধাৰ হয় স্কুতি গাড়ীখন । কোনো দুষ্ট লোকে স্কুতিখন নিব নোৱাৰি এনেদৰে পুখুৰীত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ গিৰিন চমুৱাৰ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande