
কোকৰাঝাৰ, ০৩ ডিচেম্বৰ (হি.স.): অসম বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই সক্ৰিয় হৈছে ৰাজনৈতিক দল সমূহো । এই ক্ষেত্ৰত পিছ পৰি থকা নাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলো । ভোটাৰ ৰাইজক সহায় কৰিবৰ বাবে বিএলঅ ২ ৰ কৰ্মী সকলোৰ লগত সঘনাই চলাইছে আলোচনা ।
ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অধিনত থকা অসম বিধান সভাৰ বাওখুংগ্ৰী আৰু পৰ্বতঝৰা সমষ্টিৰ বিএলঅ ২ সকলোক লৈ ফকিৰাগ্ৰাম ব্লক বিপিএফ দলে অনুষ্ঠিত কৰে । বিয়লি ফকিৰাগ্ৰাম সমষ্টি ভিত্তিক বিএলঅ ২ ক লৈ আলোচনা সভাত এমছিএলএ এজামূল হ'কে অংশগ্ৰহণ কৰে। উক্ত আলোচনা সভাত এমছিএল এ এজামূল হ'কৰ উপৰি সাধাৰণ সম্পাদক পুলকেশ ৰায়ৰ লগতে পৰ্য্যাবেক্ষক হিচাপে জাংখ্ৰীখাং ব্ৰহ্ম আদি লোকসকল উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ