
কামৰূপ, ০৩ ডিচেম্বৰ (হি.স.)। কামৰূপৰ পছৰীয়াৰ আলাবৈ ৰণ স্মৃতি সৌধ নিৰ্মাণ স্থলীত অঘটন । আলাবৈ ৰণ নিৰ্মাণ কাৰ্যস্থলীত এগৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু। মৃত্যু হোৱা শ্ৰমিক গৰাকী হৈছে বকোৰ মৰাকুছিৰ চাজিউদ্দিন আলি। ট্ৰেক্টৰেৰে আলাবৈ পাহাৰৰ নিৰ্মাণস্থলীত গৈ থকা সময়তে ট্ৰেক্টৰ সহ শ্ৰমিক গৰাকী তললৈ বাগৰি পৰি গুৰুতৰ ভাৱে আহত হয়।
ৰেংক প্ৰজেক্ট এণ্ড ডেভেলপমেণ্ট প্ৰা:লি:নামৰ কোম্পানীটোৱে লাভ কৰিছে আলৱৈ ৰণ স্মৃতি সৌধ নিৰ্মাণ কামৰ দায়িত্ব। নিৰ্মাণ প্ৰতিষ্ঠানটোৰ গাফিলতি তথা মইমতালিৰ বাবেই মৃত্যুক সাৱটি লব লগা হয় শ্ৰমিক তথা চালক জন। আলাবৈ ৰণ স্মৃতিৰ সৌধ নিৰ্মাণ প্ৰতিষ্ঠাটোৰ শ্ৰমিকৰ বাবে কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা তথা দায়িত্ব নাই বুলি অভিযোগ কৰে মৃত স্থানীয় ৰাইজে।
ইতিমধ্যে দদৰা আৰক্ষীয়ে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা