জাগীৰোডৰ ঘুনুচাত অবৈধ দৰৱৰ ৰমৰমীয়া বেহা
জাগীৰোডৰ ঘুনুচাত অবৈধ দৰৱৰ ৰমৰমীয়া বেহা
জাগীৰোডৰ ঘুনুচাত অবৈধ দৰৱৰ ৰমৰমীয়া বেহা


জাগীৰোডৰ ঘুনুচাত অবৈধ দৰৱৰ ৰমৰমীয়া বেহা


মৰিগাঁও, ০৩ ডিচেম্বৰ (হি.স.)। মৰিগাঁও জিলাৰ জাগীৰোডৰ ঘুনুচাত অবৈধ দৰৱৰ ৰমৰমীয়া বেহা। মঙলবাৰে এখন ফাৰ্মাচীত ঔষধ পৰিদৰ্শকৰ অভিযানত পোহৰলৈ আহিল এই ভয়ংকৰ ঘটনা। মা ফাৰ্মাচী নামৰ এখন দৰৱৰ বিপনীৰ পৰা জব্দ হ'ল বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ।

অবৈধ দৰৱৰ ব্য়ৱসায়ত লিপ্ত ফাৰ্মাচীৰ স্বত্বাধিকাৰ হেকমত আলিক আৰক্ষীয়ে আটক কৰে। লগতে জব্দ কৰা হৈছে বুজন পৰিমাণৰ ম্যাদ উকলা দৰৱৰ লগতে আন প্ৰায় ৪৫ বিধ নিষিদ্ধ ঔষধ। উল্লেখ্য় যে দীৰ্ঘদিনৰে পৰা ফাৰ্মাচীখনে গোপনে নিচাজাতীয় দৰৱ অবৈধভাৱে বিক্ৰীৰ অভিযোগ উঠি আহিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে এটি গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande