জাগীৰোডৰ ভোমোৰাগুৰিত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ গৰাকীৰ পৰা ওলাল বুজন পৰিমাণৰ নকল নোট
মৰিগাঁও, ০৩ ডিচেম্বৰ (হি.স.)। মৰিগাঁও জিলাৰ জাগীৰোডৰ ভোমোৰাগুৰিত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাহনৰ গৰাকীৰ পৰা উদ্ধাৰ কৰা হৈছে বুজন পৰিমাণৰ নকল নোট। জানিব পৰামতে, গুৱাহাটীৰ পৰা ডিফু অভিমুখি এখন এএছ ০৯ এইচ ৬৯৫১ নম্বৰৰ ৰ''য়েল এন
জাগীৰোডৰ ভোমোৰাগুৰিত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ গৰাকীৰ পৰা ওলাল বুজন পৰিমাণৰ নকল নোট


মৰিগাঁও, ০৩ ডিচেম্বৰ (হি.স.)। মৰিগাঁও জিলাৰ জাগীৰোডৰ ভোমোৰাগুৰিত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাহনৰ গৰাকীৰ পৰা উদ্ধাৰ কৰা হৈছে বুজন পৰিমাণৰ নকল নোট।

জানিব পৰামতে, গুৱাহাটীৰ পৰা ডিফু অভিমুখি এখন এএছ ০৯ এইচ ৬৯৫১ নম্বৰৰ ৰ'য়েল এনফিল বাহনে আজি এখন ই-ৰিক্সাক খুন্দিয়াই ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰে এটা খাৱৈত বাগৰি পৰে। ইয়াৰ পিছতেই স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত তৎপৰতাৰে যুৱক জনক উদ্ধাৰৰ চেষ্টা চলাওঁতে ওলায় উৰহি গছৰ ওৰ। পৰিচয় উদ্ধাৰৰ বাবে চলোৱা তালাচীত আৰক্ষীয়ে উদ্ধাৰ কৰে ডেৰ লাখ টকা মূল্যৰ পাঁচশ টকীয়া নকল নোট। ইয়াৰ পাছতেই সৰৱৰাহৰকাৰী যুৱক চিৰচেনাট ৰংফাৰক আটক কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে জব্দ কৰে জাল নোট খিনি । ধৃত যুৱকজনে স্বীকাৰোক্তি দিয়া অনুসৰি গুৱাহাটীৰ ৰাজা নামৰ এগৰাকী ব্যক্তিৰ পৰা ডিফুৰ এগৰাকী ব্যক্তিলৈ হস্তান্তৰ কৰাৰ বাবে সৰবৰাহ কৰিছিল নকল নোটখিনি।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande