নলবাৰীত ভূৱা শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ ঘৰ ঘেৰাও কৰিলে ক্ষুদ্ধ ছাত্ৰ– ছাত্ৰীয়ে
নলবাৰী, ০৩ ডিচেম্বৰ (হি.স.)। ছাত্ৰ ছাত্ৰীৰ ৰোষত পৰিল ভূৱা শিক্ষানুষ্ঠানৰ অধ্যক্ষ। আজি ভূৱা শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ ঘৰ ঘেৰাও কৰিলে ছাত্ৰ ছাত্ৰীয়ে ।আয়ুক্তৰ ওচৰ চাপিল ছাত্র ছাত্ৰী ।ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগৰ অমনোযোগিতাৰ ফলত ৰাজ্যৰ চুকে কোনো গঢ় লৈ উঠা
নলবাৰীত ভূৱা শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ ঘৰ ঘেৰাও কৰিলে ক্ষুদ্ধ ছাত্ৰ– ছাত্ৰীয়ে


নলবাৰী, ০৩ ডিচেম্বৰ (হি.স.)। ছাত্ৰ ছাত্ৰীৰ ৰোষত পৰিল ভূৱা শিক্ষানুষ্ঠানৰ অধ্যক্ষ। আজি ভূৱা শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ ঘৰ ঘেৰাও কৰিলে ছাত্ৰ ছাত্ৰীয়ে ।আয়ুক্তৰ ওচৰ চাপিল ছাত্র ছাত্ৰী ।ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগৰ অমনোযোগিতাৰ ফলত ৰাজ্যৰ চুকে কোনো গঢ় লৈ উঠা ভূৱা শিক্ষানুষ্ঠানৰ কৱলত ছাত্র ছাত্ৰী ।ভূৱা শিক্ষানুষ্ঠানৰ নামত চলিছে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ ভবিষ্যত ধ্বংসৰ অভিযান।

ভূৱা শিক্ষানুষ্ঠানৰ নামত চলিছে লাখ লাখ টকাৰ লুণ্ঠন। ৰাজ্যৰ চুকে কোনে অবাধে গঢ় লৈ উঠা পেৰা মেডিকেলত নাৰ্চিং আৰু টেকনিচিয়ানৰ শিক্ষাৰ নামত আভুৱা ভাৰিছে ছাত্ৰ ছাত্ৰীক। পেৰামেডিকেলৰ পাঠ্যক্ৰমৰ নামত ছাত্ৰ ছাত্ৰীক দিয়া হৈছে ভূৱা প্ৰমাণ পত্ৰ। এইবাৰ ঘটনা সংঘটিত হৈছে নলবাৰীত। নলবাৰীৰ চামতাস্থিত চামতা পেৰামেডিকেল শিক্ষানুষ্ঠান খন ২০১৪ চনতে স্থাপন কৰা হৈছিল । উক্ত পেৰামেডিকেল শিক্ষানুষ্ঠানৰ নাই কোনো বৈধ নথিপত্ৰ। এখন ভূৱা কাউন্সিলৰ নামত পেৰামেডিকেল খুলি ডিএমএলটি আৰু নাৰ্চিং পাঠ্যক্ৰমৰ নামত চলাই আছে অবৈধ ব্যৱসায়। বিত্তিগত শিক্ষাৰ নামত চামতা পেৰামেডিকেলে চলাই আছে লুন্ঠন।ধনৰ লোভত ধ্বংস কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ জীৱন।

এই সকল ছাত্ৰ ছাত্ৰীয়ে চামতা পেৰামেডিকেলৰ অধীনত ডিএমএলটি অৰ্থাত লেবৰটৰী টেকনিচিয়ান আৰু নাৰ্চিং পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। পৰৱৰ্তী সময়ত ছাত্ৰ ছাত্ৰীৰ হাতত তুলি দিয়া হল প্ৰমান পত্ৰ। সেই প্ৰমান পত্ৰ লৈ কাম বিচাৰি গৈ বিপাঙত পৰিল এইসকল ছাত্ৰ ছাত্ৰী। ছাত্ৰ ছাত্ৰীৰ হাতত তুলি দিয়া প্ৰমান পত্ৰ বোৰ প্ৰকৃতাৰ্থত ভূৱা। ভূৱা কাউন্সিলৰ নামতে এইদৰে চলাই আছে শিক্ষানুষ্ঠান। নৰ্থ ইষ্ট কাউন্সিল অৱ এলাইড হেল্থ চাইন্স নামৰ ভূৱা কাউন্সিলৰ নামত এইগৰাকী পৰেশ বৰ্মনে শিক্ষাৰ নামত নলবাৰীৰ চামতাত চলাইছে লুন্ঠন। নলবাৰীৰ বিতৰ্কিত নৰ্থ ইষ্ট কাউন্সিল অৱ এলাইড হেল্থ চাইন্স কেতিয়াবাই বন্ধ হৈ যোৱাৰ পিচতো সেই খন কাউন্সিলৰ নামতে এই গৰাকী পৰেশ বৰ্মনে এইদৰে ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰি আছে প্ৰমাণ পত্ৰ। একো গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা নিম্নতম এক লাখ টকা লৈকে সংগ্ৰহ কৰা পৰেশ বৰ্মনৰ প্ৰবঞ্চনাৰ বলি হল এই সকল দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী। ক্ষুদ্ধ এই সকল ছাত্ৰ ছাত্ৰীয়ে পেৰামেডিকেলৰ অধ্যক্ষ পৰেশ বৰ্মনক বিচাৰি উপস্থিত হল পৰেশ বৰ্মনৰ বাসগৃহত। পিছে পৰেশ বৰ্মনৰ ঘৰত আছে টলা ওলমি। ছাত্ৰ / ভূৱা শিক্ষানুষ্ঠানৰ অধ্যক্ষ পৰেশ বৰ্মন।একেই অৱস্থা নলবাৰীৰ শান্তিপুৰৰ থকা নৰ্থ ইষ্ট কাউন্সিল অৱ এলাইড হেল্থ চাইন্সৰ। এইখনৰ পৰা অনুমতি লৈ চলাই আছিল চামতা পেৰামেডিকেল। পিছে নিজৰে নাই কোনো বৈধ নথিপত্ৰ । এমএছএমইৰ নামত ডিএমএলটি আৰু নাৰ্চিং পাঠ্যক্ৰম চলাই থকা এই শিক্ষানুষ্ঠানৰ স্বত্বাধিকাৰ গোকুল শৰ্মাই আঁতৰাই থৈছে শিক্ষানুষ্ঠানৰ নামত ফলক।

আজি এইখন পেৰামেডিকেল শিক্ষানুষ্ঠানো বন্ধ। উপায়হীন এইসকল ছাত্ৰ ছাত্ৰীয়ে গকুল শৰ্মাক বিচাৰি ঘৰৰ সমুখত কৰিলে প্ৰতিবাদ।ক্ষুদ্ধ ছাত্ৰ ছাত্ৰী উপস্থিত হল নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত। আয়ুক্ত কাৰ্যালয়ৰ সম্মুখত দেখা পালে এই গৰাকী প্ৰৱঞ্চক পৰেশ বৰ্মনক। ক্ষুদ্ধ ছাত্ৰ ছাত্ৰীৰ প্ৰশ্মবানত থকা সৰকা পৰেশ বৰ্মনৰ কথা শুনিলে আপুনিও হব হতবাক।এই গৰাকী প্ৰৱঞ্চকে লেবৰেটৰী টেকনিচিয়ান আৰু নাৰ্চিং পাঠ্যক্ৰমৰ নামত ভেকোঁভাওনা কৰি স্বাস্থ্য খণ্ডত বিয়পাইছে সন্ত্ৰাস।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande