মৰিয়নিৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত হ'ব টাটা-নেলকো কাৰিকৰী শিক্ষা কেন্দ্ৰ
যোৰহাট, ০৩ ডিচেম্বৰ (হি.স.)। শৈক্ষিক দিশত মৰিয়নিবাসীৰ বাবে এক সু খবৰ l বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ নতুন শিক্ষানীতিৰ আধাৰত সমগ্ৰ দেশতে ব্যৱহাৰিক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ সময়তে অসম চৰকাৰৰ সমগ্ৰ শিক্ষাৰ অধীনত ভাৰতৰ অগ্ৰণী প্ৰতিস্থান টাটা
মৰিয়নিবাসীৰ বাবে সু খবৰ   l বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত হ'ব TATA-NELCO কাৰিকৰী শিক্ষা কেন্দ্ৰ l


যোৰহাট, ০৩ ডিচেম্বৰ (হি.স.)। শৈক্ষিক দিশত মৰিয়নিবাসীৰ বাবে এক সু খবৰ l বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ নতুন শিক্ষানীতিৰ আধাৰত সমগ্ৰ দেশতে ব্যৱহাৰিক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ সময়তে অসম চৰকাৰৰ সমগ্ৰ শিক্ষাৰ অধীনত ভাৰতৰ অগ্ৰণী প্ৰতিস্থান টাটা-নেলকোৱে যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত বামুণপুখুৰীৰ উচ্চ মাধ্যমিক বিদ্যালয়ত কাৰিকৰী শিক্ষাৰ কেন্দ্ৰ স্থাপনৰ প্ৰস্তুতি চলাইছে। এই কাৰিকৰী শিক্ষা কেন্দ্ৰই অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োগিক শিক্ষা গ্ৰহণ কৰি নিজকে সংস্থাপিত কৰি তুলিব বুলি আশাবাদী সকলো।

আজি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বামুণপুখুৰীৰ হাইস্কুলৰ মহাৰজত জয়ন্তীৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আহি সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰি কয় যে এয়া সমষ্টিবাসীৰ বাবে অতি গৌৰৱৰ তথা শুভক্ষণ। লগতে তেওঁ জনাই যে ইতিমধ্যে টাটা-নেলকো কৰ্তৃপক্ষই আহি প্ৰাৰম্ভিক কামকাজ আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে অসমত মুঠ ৫২ খন বিদ্যালয়ত এই কাৰিকৰী শিক্ষাকেন্দ্ৰ স্থাপন হ'ব আৰু তাৰে ৫ টাকৈ কেন্দ্ৰ মৰিয়নি সমষ্টিতে স্থাপনৰ অনুমোদন লাভ কৰিছে আৰু সেই পাঁচটা কেন্দ্ৰৰ মুখ্য কেন্দ্ৰটি বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন হ'ব বুলি জানিবলৈ দিছে বিধায়কগৰাকীয়ে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande