
বৰপেটা, ০৩ ডিচেম্বৰ (হি.স.)। বৰপেটাত আজিৰে পৰা অনুস্থিত হৈছে চতুৰ্থ ৰাষ্ট্ৰীয় বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলা । অহা ১০ ডিচেম্বৰলৈ ৮ দিনীয়া কাৰ্যসূচীৰে বিশ্বশিল্পী জুবিন গাৰ্গ ক্ষেত্ৰত অনুস্থিত গ্ৰন্থ আৰু বিজ্ঞান মেলা আজি পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে।
উক্ত অনুস্থানতে ড০ ভূপেন হাজৰিকা, জুবিন গাৰ্গ আৰু বাঁহীবাদক দীপক শৰ্মাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুস্থানত হিৰন্ময় দেউৰীয়ে বাঁহীবাদন কৰে।
ৰাজ্যৰ কেইবাটাও প্ৰকাশন প্ৰতিস্থানে অংশগ্ৰহন কৰা ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলাত আলোচনা চক্ৰ, বিভিন্ন প্ৰতিযোগিতা, কবি সন্মিলন, সাংস্কৃতিক অনুস্থানৰ আয়োজন কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা