যোৰহাট মোলাই কাঠনিত অৰণ্যমানৱ , যাদৱ পায়েঙে উন্মোচন কৰে “অৰণ্যৰ পৰা যুদ্ধক্ষেত্ৰলৈ গুই” শীর্ষক গ্ৰন্থ
যোৰহাট, ০৩ ডিচেম্বৰ (হি.স.)। যোৰহাট মোলাই কাঠনিত অৱস্থিত নিজ বাসগৃহত ভাৰতৰ অৰণ্যমানৱ, পদ্মশ্ৰী বঁটাপ্ৰাপক যাদৱ পায়েঙে উন্মোচন কৰে “অৰণ্যৰ পৰা যুদ্ধক্ষেত্ৰলৈ গুই” শীর্ষক এখন অভিনৱ গ্ৰন্থ৷ অসমৰ এগৰাকী আগশাৰীৰ পৰিবেশ লেখক গিৰিমল্লিকা শইকীয়াই ৰচনা কৰা
যোৰহাট মোলাই কাঠনিত অৰণ্যমানৱ , যাদৱ পায়েঙে উন্মোচন কৰে “অৰণ্যৰ পৰা যুদ্ধক্ষেত্ৰলৈ গুই” শীর্ষক গ্ৰন্থ


যোৰহাট, ০৩ ডিচেম্বৰ (হি.স.)। যোৰহাট মোলাই কাঠনিত অৱস্থিত নিজ বাসগৃহত ভাৰতৰ অৰণ্যমানৱ, পদ্মশ্ৰী বঁটাপ্ৰাপক যাদৱ পায়েঙে উন্মোচন কৰে “অৰণ্যৰ পৰা যুদ্ধক্ষেত্ৰলৈ গুই” শীর্ষক এখন অভিনৱ গ্ৰন্থ৷ অসমৰ এগৰাকী আগশাৰীৰ পৰিবেশ লেখক গিৰিমল্লিকা শইকীয়াই ৰচনা কৰা গ্ৰন্থখনত আমাৰ চাৰিওফালে ঘূৰি ফুৰা এবিধ উপেক্ষিত আৰু শোষিত বন্যপ্ৰাণী গুঁই সম্পর্কীয় বিভিন্ন বৈজ্ঞানিক গৱেষণা, জনবিশ্বাস, অন্ধবিশ্বাস চোৰাংব্যৱসায়, মধ্যযুগীয় ব্যৱহাৰ আদি বিচিত্ৰ দিশবোৰৰ বিষয়ে বিশদ ভাৱে সামৰি লৈ জনপ্ৰিয় ৰূপত উপস্থাপন কৰিব সক্ষম হৈছে৷

উল্লেখযোগ্য যে যিকোনো ভাৰতীয় আঞ্চলিক ভাষাত প্ৰকাশিত প্ৰথমখনি গুই বিষয়ক একক গ্ৰন্থ (Monograph) “অৰণ্যৰ পৰা যুদ্ধক্ষেত্ৰলৈ গুই” উন্মোচনৰ আগতে মালয়েচীয়াৰ চৰাৱাকত অৱস্থিত “ইউনিভাৰচিটি অৱ মালয়েচীয়া”ৰ “ইন্‌ষ্টিটিউট অৱ বায়ডাইভাৰচিটি এণ্ড এন্‌ভাইৰণমেন্টেল কনজাৰভেচন”ৰ এগৰাকী বিজ্ঞানী তথা “আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থা (IUCN) ৰ ‘গুই বিশেষজ্ঞ দল’ (Monitor Lizard Specialist Group) ৰ এগৰাকী বিশেষজ্ঞ সদস্য ড° শ্ৰেয়া ভট্টাচার্যই এটি ভিডিঅ শুভেচ্ছা বার্তযোগে এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ কাৰণে অভিনন্দন জ্ঞাপন কৰে৷

উক্ত গ্ৰন্থখনৰ বিষয়ে ইতিমধ্যে ‘গুই বিশেষজ্ঞ দল’ৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো উপস্থাপন কৰা বুলি ড° ভট্টাচাৰ্যই জানিবলৈ দিয়ে৷

গুই বোৰৰ বিচিত্ৰ আৰু ৰোমাঞ্চকৰ জগত খনৰ বিষয়ে সবিশেষ লিপিবদ্ধ হোৱা গ্ৰন্থখনলৈ পাঠক সমাজে সহাৰি জনাব বুলি আশাবাদী লেখক গিৰীমলল্লিকা শইকীয়া ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande