ইংলেণ্ডৰ কিংবদন্তি ক্ৰিকেটাৰ ৰবিন স্মিথৰ ৬২ বছৰ বয়সত মৃত্যু
পাৰ্থ, ০৩ ডিচেম্বৰ (হি.স.) : ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন বেটিং কিংবদন্তি ৰবিন স্মিথৰ পাৰ্থৰ নিজৰ ঘৰত হঠাতে মৃত্যু হয়। তেওঁৰ বয়স আছিল ৬২ বছৰ। কেকোঁৰা চুলিৰ বাবে স্মিথক দ্য জজ বুলি জনা গৈছিল। স্মিথে ১৯৮৮ চনৰ পৰা ১৯৯৬ চনৰ ভিতৰত ইংলেণ্ডৰ হৈ ৬২ খন
इंग्लैंड क्रिकेट टीम के पूर्व दिग्गज बल्लेबाज़ रॉबिन स्मिथ


পাৰ্থ, ০৩ ডিচেম্বৰ (হি.স.) : ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন বেটিং কিংবদন্তি ৰবিন স্মিথৰ পাৰ্থৰ নিজৰ ঘৰত হঠাতে মৃত্যু হয়। তেওঁৰ বয়স আছিল ৬২ বছৰ। কেকোঁৰা চুলিৰ বাবে স্মিথক দ্য জজ বুলি জনা গৈছিল।

স্মিথে ১৯৮৮ চনৰ পৰা ১৯৯৬ চনৰ ভিতৰত ইংলেণ্ডৰ হৈ ৬২ খন টেষ্ট মেচ খেলি ৪,২৩৬ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ গড় ৪৩.৬৭ আৰু টেষ্টত ৯টা শতক অৰ্জন কৰে। তেওঁৰ চিগনেচাৰ শ্বটটো আছিল স্কোৱাৰ কাট।

ইয়াৰ উপৰিও তেওঁ ৭১ খন এদিনীয়া খেল খেলিছিল আৰু ১৯৯২ চনৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰা ইংলেণ্ড দলৰ অংশ আছিল। ১৯৯৩ চনত এডগবাষ্টনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ অপৰাজিত ১৬৭ ৰান ২০১৬ চনলৈকে ইংলেণ্ডৰ এদিনীয়া অভিলেখ হৈয়েই আছে।

ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ জৰিয়তে পৰিয়ালটোৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে ১ ডিচেম্বৰ সোমবাৰে নিজৰ চাউথ পাৰ্থ এপাৰ্টমেণ্টত হঠাতে ৰবিনৰ মৃত্যু হয় আৰু মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। মদ্যপান আৰু মানসিক স্বাস্থ্যৰ সৈতে জড়িত অতীতৰ সমস্যাৰ ভিত্তিত তেওঁৰ মৃত্যুক লৈ কোনো ধৰণৰ জল্পনা-কল্পনা কৰিব নালাগে বুলিও পৰিয়ালটোৱে স্পষ্ট কৰি দিয়ে।

দক্ষিণ আফ্ৰিকাৰ ডাৰবানত ব্ৰিটিছ পিতৃ-মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰা ৰবিন স্মিথে পিছলৈ ভাতৃ ক্ৰীছ স্মিথৰ সৈতে ইংলেণ্ডলৈ আহে। ১৯৮৮ চনত হেডিংলিত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটায়। স্মিথে এছেছত দুটা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিটা টেষ্ট শতক অৰ্জন কৰে, ১৯৯৪ চনত ছেইণ্ট জনছত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ১৭৫ ৰাণ।

অৱসৰৰ পিছত তেওঁ পশ্চিম অষ্ট্ৰেলিয়াত বসতি স্থাপন কৰে আৰু যোৱা মাহত পাৰ্থত অনুষ্ঠিত হোৱা প্ৰথমখন এছেছ টেষ্টত উপস্থিত আছিল। আনকি প্ৰশিক্ষক এণ্ড্ৰু ফ্লিণ্টফে তেওঁক ইংলেণ্ড লায়ন্স দলক সম্বোধন কৰিবলৈও আমন্ত্ৰণ জনাইছিল।

ইচিবিৰ অধ্যক্ষ ৰিচাৰ্ড থম্পছনে শ্ৰদ্ধাঞ্জলি জনাই কয় যে, ৰবিন স্মিথ আছিল এনে এজন খেলুৱৈ যিয়ে বিশ্বৰ দ্ৰুততম বলাৰসকলৰ সন্মুখত হাঁহি হাঁহি থিয় দিছিল। তেওঁৰ আবেগ আৰু দৃঢ়তাই ইংৰাজ ক্ৰিকেট অনুৰাগীসকলৰ বাবে গৌৰৱ আৰু অপৰিসীম মনোৰঞ্জন কঢ়িয়াই আনিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande