শ্ৰী ভূমিৰ পাথাৰকান্দিৰ দুৰ্গম অঞ্চলত শিক্ষাৰ বুজ ললে শিক্ষামন্ত্ৰী ৰণোজ পেগুই
শ্ৰী ভূমি, ০৩ ডিচেম্বৰ (হি.স.)। শ্ৰী ভূমিৰ পাথাৰকান্দিত শিক্ষামন্ত্ৰী ৰণোজ পেগু। নিশা কটালে প্ৰত্যন্ত গাঁৱৰ জনজাতি লোক সকলৰ সৈতে । পোন প্ৰথমবাৰৰ বাবে কোনো মন্ত্ৰী প্ৰত্যন্ত গাঁৱলৈ গৈ জনজাতি লোক সকলৰ মনৰ কথা জানিবলৈ উপস্থিত হল পাথাৰকান্দিৰ দশডেওয়া
শ্ৰী ভূমিৰ পাথাৰকান্দিৰ দুৰ্গম অঞ্চলত শিক্ষাৰ বুজ ললে শিক্ষামন্ত্ৰী ৰণোজ পেগুই


শ্ৰী ভূমি, ০৩ ডিচেম্বৰ (হি.স.)। শ্ৰী ভূমিৰ পাথাৰকান্দিত শিক্ষামন্ত্ৰী ৰণোজ পেগু। নিশা কটালে প্ৰত্যন্ত গাঁৱৰ জনজাতি লোক সকলৰ সৈতে । পোন প্ৰথমবাৰৰ বাবে কোনো মন্ত্ৰী প্ৰত্যন্ত গাঁৱলৈ গৈ জনজাতি লোক সকলৰ মনৰ কথা জানিবলৈ উপস্থিত হল পাথাৰকান্দিৰ দশডেওয়া খাচী পুঞ্জি নামৰ গাঁৱত । অঞ্চলটোত শিক্ষা খণ্ডৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ ললে শিক্ষামন্ত্ৰী ৰণোজ পেগুই। মঙলবাৰে গাঁওখনত উপস্থিত হৈ প্ৰথমে উক্ত অঞ্চলৰ বিভিন্ন চৰাই প্ৰত্যক্ষ কৰিবলৈ উপস্থিত হল দুৰ্গম পাহাৰিয়া অঞ্চলত ।

ইয়াৰ পিছত জনজাতিয় বিভিন্ন আহাৰৰ সোৱাদ লয় মন্ত্ৰী গৰাকীয়ে । নিশা বিভিন্ন অঞ্চলৰ পৰা অহা জনজাতিয় নেতৃস্থানীয় লোক সকলৰ সৈতে বৈঠকত মিলিত হৈ তেওঁলোকৰ বিভিন্ন সমস্যাৰ কথা শুনি ইয়াৰ পিছত বাঁহেৰে নিৰ্মিত এটা ঘৰত নিশা কটায় মন্ত্ৰী গৰাকীয়ে। বুধবাৰে পুৱা আকৌ চৰাই প্ৰত্য়ক্ষ কৰিবলৈ গভীৰ বনাঞ্চলত উপস্থিত হই মন্ত্ৰী গৰাকী। ইয়াৰ পিছত বিভিন্ন লোকৰ সৈতে কথা পাতি জনজাতি অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠান পৰিদৰ্শন কৰি বিভিন্ন সমস্যাৰ বুজ লয় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande