কেওট জনগোষ্ঠীৰ এগৰাকী লোকক মনোনীত পাৰিষদ হিচাপে নিযুক্তি নিদিয়াত ক্ষোভ
সদৌ অসম কেওট জাতীয় পৰিষদ আৰু বিটিআৰ কেওট জাতীয় পৰিষদৰ সংবাদমেল।
কেওট জনগোষ্ঠীৰ এগৰাকী লোকক মনোনীত পাৰিষদ হিচাপে নিযুক্তি নিদিয়াত ক্ষোভ


তামুলপুৰ, ০৩ ডিচেম্বৰ (হি.স.): বিটিচিৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰ খনৰ কাম–কাজক লৈ ক্ষোভ প্ৰকাশ কৰে সদৌ অসম কেওট জাতীয় পৰিষদ আৰু বিটিআৰ কেওট জাতীয় পৰিষদে। বিশেষকৈ কেওট জনগোষ্ঠীৰ এগৰাকী লোকক মনোনীত পাৰিষদ হিচাপে নিযুক্তি নিদিয়াত অসন্তুষ্টি ব্য়ক্ত কৰে সংগঠন দুটাৰ নেতৃত্বই।

তামুলপুৰ প্ৰেছ ক্লাৱত যোৱা কালি মঙলবাৰে বিয়লি কেওট জাতীয় পৰিষদৰ নেতৃবৃন্দই সংবাদমেল সম্বোধন কৰি । বিটিচিৰ নৱ নিৰ্বাচিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰখনে বিভিন্ন জনগোষ্ঠীৰ ৬ গৰাকী লোকক মনোনীত পাৰিষদ হিচাপে নিযুক্তি দিছে যদিও কেওট জনগোষ্ঠীৰ এগৰাকী লোকক মনোনীত পাৰিষদ হিচাপে নিযুক্তি নিদিয়াত দুখ প্ৰকাশ কৰে জনগোষ্ঠীটোৰ নেতৃবৰ্গই । এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিটিচিৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰীক পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনাইছে কেওট জাতীয় পৰিষদৰ নেতৃত্বই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande