
গোলাঘাট, ০৩ ডিচেম্বৰ (হি.স.)। গোলাঘাট জিলাৰ বোকাখাতৰ সেউজীপাৰত যোৱাকালি মঙলবাৰে মাজনিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত এটা খেৰৰ ঘৰৰ লগতে ১৪ টাকৈ ছাগলী অগ্নিত জাহ যায় ৷
জানিব পৰামতে, বোকাখাত সেউজীপাৰৰ নাইচ দত্ত নামৰ লোকজনৰ ঘৰৰ পিছফালে থকা খেৰৰ ঘৰটোৰ তলতে ১৪ টাকৈ সৰু-বৰ আৰু গাভিনী ছাগলী বান্ধি থোৱা আছিল ৷ এজনী ছাগলীৰ পৰা যোৱা পাঁচ বছৰে নাইচ দত্তই ১৪ টালৈ বৃদ্ধি কৰি এখন ব্যক্তিগত ফাৰ্মৰ সৃষ্টি কৰিছিল ৷ বিদ্যুৎ সংযোগ নথকা খেৰৰ ঘৰটোত মাজনিশা কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ'ল সি ৰহস্যৰ আৱৰ্তত ৷ কাষৰ মানুহে জুইৰ লেলিহান শিখা দেখি চিঞৰ বাখৰ কৰাতহে ঘৰৰ গৃহস্থ নাইচ দত্ত বাহিৰলৈ ওলাই আহি অগ্নিকাণ্ড প্ৰত্যক্ষ কৰে ৷ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত তেওঁলোক আহি উপস্থিত হোৱালৈ সকলো জ্বলি শেষ হয় ৷ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰি মৃত ছাগলীসমূহ উদ্ধাৰ কৰে ৷ কিন্তু অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু