মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰত কাইলৈ ৩৫ সহশ্ৰাধিক মহিলাক চেক প্ৰদান কৰিব
তামুলপুৰ, ০৩ ডিচেম্বৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ তামুলপুৰত উপস্থিত হৈ মহিলা উদ্যমিতা অভিযান শীৰ্ষক জনকল্যাণমূলক আঁচনিৰ জৰিয়তে ৩৫ সহশ্ৰাধিক মহিলাক চেক প্ৰদান কৰিব। দিনৰ প্ৰায় ১১ বজাত তামুলপুৰৰ পঠালিকুছিত অনুষ্ঠিত হ''বল
মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰত কাইলৈ ৩৫ সহশ্ৰাধিক মহিলাক চেক প্ৰদান কৰিব


তামুলপুৰ, ০৩ ডিচেম্বৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ তামুলপুৰত উপস্থিত হৈ মহিলা উদ্যমিতা অভিযান শীৰ্ষক জনকল্যাণমূলক আঁচনিৰ জৰিয়তে ৩৫ সহশ্ৰাধিক মহিলাক চেক প্ৰদান কৰিব। দিনৰ প্ৰায় ১১ বজাত তামুলপুৰৰ পঠালিকুছিত অনুষ্ঠিত হ'বলগীয়া সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

তামুলপুৰ বিধানসভা সমষ্টিৰ ৩৫ সহশ্ৰাধিক আত্মসহায়ক গোটৰ মহিলাই উক্ত আঁচনিৰ জৰিয়তে উপকৃত হ'ব। মুখ্যমন্ত্ৰী গৰাকীৰ উক্ত গুৰুত্বপূর্ণ কর্মসূচী সফলতাৰে সম্পন্ন হোৱাৰ লক্ষ্যৰে তামুলপুৰৰ পঠালিকুছিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলা প্ৰশাসনৰ বিভিন্ন শাখাৰ বিষয়ববীয়াই অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি সকলো প্ৰস্তুতি আৰু ব্যৱস্থাপনা পৰ্যবেক্ষণ কৰিছে। মুখ্যমন্ত্ৰীৰ আগমন উপলক্ষে সমগ্ৰ জিলা খনত সতর্কতা বৃদ্ধি কৰা দেখা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande