বৰক্ষেত্ৰীত ৬ বছৰে নিৰ্মান অসম্পূৰ্ণ কৌটি টকীয়া দলং
বৰক্ষেত্ৰীত ৬ বছৰে নিৰ্মান সম্পুৰ্ণ নহল কৌটি টকাৰ দলং।
বৰক্ষেত্ৰীত ৬ বছৰে নিৰ্মান অসম্পূৰ্ণ কৌটি টকীয়া দলং


নলবাৰী, ০৩ ডিচেম্বৰ (হি.স.): নলবাৰীৰ বৰক্ষেত্ৰীত ৬ বছৰে নিৰ্মান সম্পূৰ্ণ হৈ নুঠিল এখন কৌটি টকাৰ দলং। দুজনকৈ বিধায়ক আৰু এজন কেবিনেট মন্ত্ৰীৰ সমষ্টিত অন্তৰ্ভুক্ত এই দলং খন সম্পূৰ্ণ নোহোৱাত যাতায়তৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে পথচাৰীসকল ।

উল্লেখ্য় যে ৬ বছৰ আগতে দলং খন শুভ উদ্ধোধন কৰিছিল প্ৰাক্তন বিধায়ক নাৰায়ন ডেকাই। পিছে নাৰায়ন ডেকা পৰাজিত হোৱাৰ পাছত পৰি থাকিল দলং খন। বৰ্তমানৰ বিধায়ক দিগন্ত বৰ্মনৰো কানসাৰ নাই দলংখনৰ প্ৰতি। বিগত ৫ বছৰে নিৰ্মান কৰি উলিয়াব নোৱাৰিলে বিধায়ক দিগন্ত বৰ্মনৰ লগতে কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই দলংখন। সমষ্টি বিভাজন হোৱাৰ পাছত উক্ত দলংখন কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টি টিহু সমষ্টিত অন্তৰ্ভুক্ত হ’ল। পিছে কেবিনেট মন্ত্ৰী গৰাকীয়েও সম্পুৰ্ণ কৰিব নোৱাৰিলে কৌটি টকাৰ দলংখন। দলং খন নিৰ্মান নোহোৱাত ৬ বছৰে যমৰ যাতনাত ভুগি আছে স্থানীয় লোকৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলেয়ে । এইক্ষেত্ৰত গড়কাপ্তানী বিভাগত থকা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় লোকসকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande